বিদ্যালয়সমূহক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰাৰ দাবী AJYCPৰ

author img

By

Published : Oct 8, 2021, 11:47 AM IST

Morigaon

বহু সময়ত বিদ্যালয়ৰ দৰে পৱিত্ৰ অনুষ্ঠানৰ পৰিচালনা সমিতিত ৰাজনৈতিক ব্যক্তি জড়িত হৈ পৰে । তাৰ পাছতে বিদ্যালয়খনত ৰাজনৈতিক প্ৰভাৱ পৰা দেখা যায় । এনে পৰম্পৰা বন্ধ কৰাৰ বাবে দাবী তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । মৰিগাঁৱত এই বিষয়কলৈয়ে সৰৱ হৈ পৰিছে সংগঠনটো ।

মৰিগাঁও,৮ অক্টোবৰ : শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ (School Management Committee) সভাপতি বা উপ-সভাপতি পদত ৰাজনৈতিক লোকক নিয়োগ কৰা দেখা গৈছে । যাৰ বাবে বিদ্যালয়সমূহত ৰাজনৈতিক প্ৰভাৱ পৰিলক্ষিত হোৱা বুলি বহুতে অভিযোগ উত্থাপন কৰিছে । এনে কাৰ্যৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ।

বৃহস্পতিবাৰে সংগঠনটোৰ মৰিগাঁও জিলা সমিতিয়ে এই বিষয়ে অতিৰিক্ত উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে । সংগঠনটোৰ জিলা সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত যোৱা দলটোৱে এই স্মাৰক পত্ৰ প্ৰদান কৰে । সংগঠনটোৱে উল্লেখ কৰা মতে বিদ্যালয় হৈছে এনে এক পৱিত্ৰ অনুষ্ঠান য'ত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোকে সমানে জড়িত হ'ব পাৰে । যাৰ স্থান নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জাৰ সমপৰ্য্যায়ৰ বুলি বিবেচনা কৰা হয় আৰু এনে অনুষ্ঠানসমূহ সম্পূৰ্ণ অৰাজনৈতিক ।

সংগঠনটোৱে অভিযোগ কৰা মতে বৰ্তমান সময়ত মাধ্যমিক বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সভাপতি আৰু উপ-সভাপতি পদত নিয়োগৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে তাত ৰাজনৈতিক প্ৰভাৱ পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিয়ে বিৰোধিতা কৰাৰ লগতে দুখ প্ৰকাশ কৰিছে ।

তেওঁলোকে সন্দেহ কৰা মতে এনে কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । সংগঠনটোৰ মতে বিদ্যালয় এখন পৰিচালনাৰ বাবে পৰ্যাপ্ত শিক্ষক, গ্ৰন্থাগাৰিক, চকীদাৰ আদিৰ প্ৰয়োজন । কিন্তু যিখন বিদ্যালয়ত শিক্ষকৰ অভাৱ সেইখন বিদ্যালয়ত সভাপতি আৰু উপ-সভাপতি অৰ্থহীন । এনে ক্ষেত্ৰত জিলাখনৰ বহু ব্যক্তিগত শিক্ষাখণ্ডৰ বিদ্যালয়ে পৰিচালনা সমিতিত গুৰুত্ব আৰোপ নকৰি অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাৰ বাবে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জিলা খনত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় যে, বিদ্যালয়সমূহত সভাপতি আৰু উপ-সভাপতি নিয়োগ প্ৰক্ৰিয়াত সম্পূৰ্ণ বিদ্যালয়খনৰ কতৃপক্ষক কৰ্তৃত্ব প্ৰদান কৰি অৰাজনৈতিক ব্যক্তিক দায়িত্ব দিব লাগে । সমান্তৰালভাৱে, কোনো সভাপতি বা উপ-সভাপতিয়ে অনাগত ভৱিষ্যতে যদি বিদ্যালয়ত ৰাজনৈতিক প্ৰভাৱ দেখুৱাবলৈ চেষ্টা কৰে বা বিদ্যালয়ৰ প্ৰধান শিক্ষক অথবা অধ্যক্ষক দমন কৰিব বিচাৰে তেন্তে জিলা উপায়ুক্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :সোণাৰিৰ ৰাজপথত জ্বলিল কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.