Honeycomb on tree: এজোপা গছৰ বৃহৎ মৌচাকে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰকৃতিপ্ৰেমীৰ

author img

By

Published : Mar 14, 2023, 12:23 PM IST

Kolia Gosain Than Morigaon

কলীয়া গোসাঁই থানৰ এডাল গছৰ বৰ মৌৰ বাহে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰাকৃতি প্ৰেমীৰ(Honeycomb of a tree attracted the attention of nature lovers )। প্ৰচলিত লোক বিশ্বাসে সুৰক্ষা দিছে গছডালৰ লগতে গছডালত আশ্ৰয় লোৱা লাখ লাখ মৌক ৷

মৰিগাঁও, 14 মাৰ্চ: সমাজত প্ৰচলিত কিছুমান পৰম্পৰাগত বিশ্বাস-লোকবিশ্বাসে প্ৰকৃতি সুৰক্ষাত ল'ব পাৰে গুৰুত্বপূৰ্ণ ভূমিকা ৷ যিসমূহ বিশ্বাস-লোকবিশ্বাস অথবা ৰীতি-নীতি সমাজৰ অভিন্ন অংগ ৷ শেহতীয়াকৈ এনে এক পৰিঘটনাই দেখিবলৈ পোৱা গৈছে মৰিগাঁও জিলাত ৷

ধৰ্মীয় বিশ্বাসে সুৰক্ষা দিছে এজাক মৌক ৷ কলীয়া গোসাঁই থানৰ চৌহদত বৰ মৌৰ বৃহৎ মৌচাকে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে প্ৰাকৃতি প্ৰেমীৰ (Honeycomb of a tree attracted the attention of nature lovers) । মৌ জাকৰ নিৰাপদ আশ্ৰয় স্থলত পৰিণত হৈছে কলীয়া গোসাঁই থানৰ বৰগছজোপা ৷ মৌ ৰস সংগ্ৰহ বা পাৰিবলৈ সাহস নকৰে কোনোৱে।

মৰিগাঁৱৰ কুশতলী পথৰ কলীয়া গোসাঁই থানৰ এজোপা বৰগছত আশ্ৰয় লোৱা বৰ মৌৰ বাহে এতিয়া চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে সকলোৰে (Morigaon News)। থানখনক লৈ প্ৰচলিত আছে অনেক লোকবিশ্বাস (Kolia Gosain Than Morigaon) ৷ বিশ্বাস নে অন্ধবিশ্বাস এই লৈ বিভিন্ন জনৰ বিভিন্ন মত। স্থানীয় বাসিন্দাসকলৰ মতে হাৰিয়া পাৰৰ কলীয়া গোসাঁই থানলৈ দৈনিক আহে কলীয়া গোসাঁই । জিৰণি লয় বৰগছ জোপাত।

প্ৰচলিত এই লোকবিশ্বাসে এতিয়া সুৰক্ষা দিছে গছডালৰ লগতে গছডালত আশ্ৰয় লোৱা লাখ লাখ মৌক, সুৰক্ষা দিছে গছডালত আশ্ৰয় লোৱা চৰাইকো ৷ এই লোকবিশ্বাসৰ ফলতেই গছডালত আশ্ৰয় লোৱা কোনো পশুপক্ষী বা জীৱ জন্তুৰ হানি কৰিব নোৱাৰে দুষ্কৃতিকাৰীয়ে । যাৰ বাবে এতিয়া প্ৰকৃতি প্ৰেমীসকলৰ আকৰ্ষণৰ উৎস হৈ পৰিছে কলীয়া গোসাঁই থানৰ এই বৃহৎ মৌচাক (Honeycomb on tree)।

কলীয়া গোসাঁই থান সম্বন্ধে প্ৰচলিত লোকবিশ্বাসৰ বাবেই বিগত প্ৰয় এবছৰ ধৰি গছডালত নিৰাপদে মৌচাক সাজি আশ্ৰয় লৈ আছে লাখ লাখ বৰ মৌয়ে । মৰিগাঁও দীঘলবড়ী হৰিয়া বিলপাৰত অৱস্থিত এই গছডাল ৷ বছৰত কেইবাবাৰো বৃহৎ মৌচাকসমূহ ৰসেৰে পূৰ্ণ হয় যদিও কোনো লোকে মৌ ৰস পাৰিবলৈ অথবা সংগ্ৰহ কৰিবলৈ সাহস নকৰে । কোনোৱে অনিষ্ট নকৰে বৃহৎ মৌচাকবোৰ । ফলত বৃদ্ধি পাইছে মৌ মাখিৰ সংখ্যা । বৃদ্ধি পাইছে ইখনৰ পিছত সিখন মৌচাক।

অস‌ংখ্য মৌচাকে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজৰ লগতে বহুজনৰ । কোনো লোকে কিয় মৌৰ বাহ নাপাৰে তাক লৈ অঞ্চলটোত প্ৰচলিত আছে বিভিন্ন লোক বিশ্বাস । গছজোপাৰ ওচৰতে আছে কলিয়া গোসাঁই থান ৷ ৰাইজৰ বিশ্বাস এই গছজোপাৰ তললৈ নিতৌ অহা-যোৱা কৰে কলিয়া গোসাঁইয়ে ৷ যাৰ বাবে কোনোৱে মৌ পৰাৰ সাসহ কৰিব নোৱাৰে ।

যিটো সময়ত মানৱ জাতিৰ হাতত পদে পদে লুণ্ঠিত হৈ আহিছে প্ৰকৃতি, সেই সময়তে এতিয়া কলীয়া গোসাঁই থান সম্বন্ধে প্ৰচলিত এক লোকবিশ্বাসে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিছে অঞ্চলটোত ৷

লগতে পঢ়ক: HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.