Harassment of students in Majuli: মাজুলীত শিক্ষাৰ্থীক নিৰ্যাতনৰ অভিযোগ

author img

By

Published : May 26, 2023, 3:10 PM IST

Student allegedly harassed in Majuli

মাজুলীৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত শিক্ষাৰ্থীক নিৰ্যাতন । মাজুলীৰ ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত ছাত্ৰৰ চুলি খলা-বমাকৈ কাটি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকৰ বিৰুদ্ধে (Student allegedly harassed in Majuli) ।

মাজুলীত শিক্ষাৰ্থীক নিৰ্যাতনৰ অভিযোগ

মাজুলী,২৬ মে': মাজুলীৰ একাংশ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্র-ছাত্ৰীক, শাৰীৰিক, মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে । শেহতীয়াকৈ মাজুলীৰ নামনি চেৰেপাই স্থিত "মাজুলী ইংলিছ স্কুলত" শিক্ষাৰ্থীক নিৰ্যাতন চলোৱা অভিযোগ উঠিছে (Student allegedly harassed in Majuli) ।

নাগালেণ্ডৰ পৰা পৰিচালিত এই মাজুলী ইংলিছ স্কুল নামৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । বিদ্যালয় প্ৰাৰ্থনা সভাত ৩০ পৰা ৩৫ জন ছাত্ৰক চুলি কাটিলে শিক্ষয়িত্ৰীয়ে । জানিব পৰা মতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষাৰ্থী সকলৰ নখ, চুলি নিৰীক্ষণ কৰিছিল বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে (Harassment of students in Majuli) ।

তাতেই ৩০ ৰ পৰা ৩৫ জন ছাত্ৰৰ চুলি দীঘল হৈ থকাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকৰ চুলি কাটি দিয়ে । প্ৰাৰ্থনা সভাতে কেঁচিৰে খলাবমাকৈ ৩০, ৩৫ জন ছাত্ৰৰ চুলি কাটি কণ কণ ছাত্ৰসকলক মানসিক কষ্ট দিয়া কাৰ্যই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে । প্ৰধান শিক্ষয়ত্ৰীৰ নিৰ্দেশত নিকি নামৰ শিক্ষয়ত্ৰীয়ে খলপা-খলপকৈ ছাত্ৰসকলৰ চুলি কাটি দিয়ে বুলি জানিব পৰা গৈছে (Students harassed for cleanliness in Majuli) ।

একাংশ অভিভাৱকে জানিবলৈ দিয়া মতে শিক্ষাৰ্থী প্ৰসংগত কিবা ক'ব লগা থাকিলে বিদ্যালয় কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ডায়েৰীত লিখি বা অভিভাৱকক ফোন যোগে জনাব লাগিছিল । যিটো বিদ্যালয় কর্তৃপক্ষই কৰা নাই বুলি অভিযোগ উত্থাপন কৰে অভিভাৱকসকলে ।

ছাত্ৰ-ছাত্ৰীক মাৰ-ধৰা কৰাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিলে সেই ছাত্ৰক গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ছাত্ৰৰ অভিভাৱকৰ । ইফালে সকলো অভিভাৱকক এজন এজনকৈ কোৱা সম্ভৱ নহয় বুলি গা-এৰা মন্তব্য প্ৰদান কৰে বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে । লক্ষণীয় কথাটো হল যে উক্ত বিদ্যালয়খন নাগালেণ্ডৰ চাকেচাঙ বাপ্টিষ্ট নামৰ এটা গীৰ্জাৰ পৰা পৰিচালনা হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Fraud arrested at Dhemaji: চিকিৎসাৰ নামত বিভিন্ন মহিলাৰ লগত অবৈধ সম্পৰ্ক ভণ্ড কবিৰাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.