মাজুলীৰ যাতায়ত ব্যৱস্থা সন্দৰ্ভত সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ মতামত

author img

By

Published : Oct 17, 2021, 5:16 PM IST

sattradhikar-pitamabar-goswami-on-water-connectivity-of-majuli

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীৰ সংবাদমেল । আগন্তুক ৰাস-পালনামৰ প্ৰাক মূহুৰ্তত মাজুলীলৈ যাতায়ত সুচল কৰাৰ দাবী ।

মাজুলী, 17 অক্টোবৰ : বিগত 8 ছেপ্টেম্বৰত নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ পিছতে পুনৰ যোৰহাট-মাজুলী সংযোগী এখন দলঙৰ দাবীয়ে প্ৰাসংগিকতা লাভ কৰিছে । এই ঘটনা সংঘটিত হোৱাৰ লগে লগেই চৰকাৰীভাৱেও ঘোষণা কৰা হ’ল যে, অনাগত 4 টা বছৰত পূৰ্বতেই ঘোষণা হোৱা যোৰহাট-মাজুলী সংযোগী এই বিশেষ দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব ৷ পিছে ইমানতেই অন্ত পৰা নাই মাজুলীবাসীৰ সমস্যাৰ ৷ বৰ্তমান শোচনীয় যাতায়ত ব্যৱস্থাৰ সন্মুখীন হৈছে মাজুলীবাসী ।

মাজুলীৰ যাতায়ত সন্দৰ্ভত সত্ৰাধিকাৰ ড' পীতাম্বৰ দেৱ গোস্বামীৰ মতামত

এতিয়াও বহু লোকে নাৱেৰে ইপাৰ-সিপাৰ হ’বলৈ ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হৈছে ৷ তথাপি সুচল হোৱা নাই মাজুলীৰ যাতায়ত । মাজুলীলৈ যোৱা মালবাহী নাও বন্ধ হোৱাত সম্প্ৰতি খাদ্য সংকটতো ভুগিছে মাজুলীবাসী । আগন্তুক শাৰদীয় ৰাস পালনামৰ পূৰ্বে মাজুলীৰ ফেৰী সেৱাৰ সমস্যা সামাধান আৰু যাতায়ত সূচল কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

প্ৰতি ঘন্টাৰ মূৰে মূৰে এখনকৈ জাহাজ চলোৱাৰ দাবী কৰিছে ৰাইজৰ লগতে সত্ৰাধিকাৰ গৰাকীয়ে । অতিৰিক্ত ৬ খন জাহাজ কমলাবাৰী ঘাটত আৰু অফলামুখ ঘাটত ৪ খন নাও তাৎক্ষণিকভাবে প্ৰদানৰ দাবী, চিংগল ইঞ্জিনৰ যাত্ৰীবাহী ফেৰী চলোৱাৰো বিৰোধ কৰে তেওঁ । ইয়াৰোপৰি, মেৰাইন ইঞ্জিন কাঠৰ ফেৰীত দিলেও সংকট মুক্ত নহয় বুলি মন্তব্য কৰিছে তেওঁ ।

উল্লেখযোগ্য যে, সোমবাৰৰে পৰা মাজুলীত আৰম্ভ হ’ব শাৰদীয় উৎসৱ । সম্প্ৰতি কাতি বিহু, ৰাস, পালনামত মাজুলীলৈ যাবলগীয়া যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীলৈ তৎকালীনভাৱে সূচল যাতায়ত ব্যৱস্থাৰ প্ৰয়োজন হৈছে । ইফালে, ১৯ জানুৱাৰীৰ পৰা ভাওনা সমাৰোহ ১০ দিনীয়াকৈ অনুষ্ঠিত হ’ব। ভাওনাৰ প্ৰতি আগতকৈ মানুহৰ আগ্ৰহ বাঢ়িছে বুলিও অৱগত কৰিছে সত্ৰাধিকাৰ গৰাকীয়ে ।

লগতে পঢ়ক : অ’ মই মদ খাইছো : দিশপুৰ আৰক্ষী থানাত সুৰাসক্ত যুৱতীৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.