শাৰদীয় বতৰত কিয় পৃথক মাজুলী ?

author img

By

Published : Oct 13, 2021, 9:11 PM IST

Birth Anniversary of Sankardev

চাৰিওফালে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক আয়োজন চলিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত ভক্তসকল । মাজুলীটো দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা । কিন্তু মাজুলীত দুৰ্গা পূজাক লৈ এই আনন্দ নহয় । কিহৰ বাবে মাজুলীৰ ভকত-বৈষ্ণৱসকলৰ মাজত উছাহ দেখিবলৈ পোৱা গৈছে ?

মাজুলী,১৩ অক্টোবৰ : শৰতৰ আগমনৰ লগে লগে শাৰদীয় উৎসৱৰ বাবে সাজু ৰাজ্যবাসী । দুৰ্গা পূজাক লৈ সকলোতে এতিয়া উছাহ-উদ্দীপনা । ধাক-ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ চৌদিশ । কিন্তু সত্ৰ নগৰী মাজুলীত নাই দুৰ্গা পূজাৰ উছাহ-উদ্দীপনা ।

ধাক-ঢোলৰ শব্দৰ পৰিৱৰ্তে বৰ্তমান মাজুলীত শুনা গৈছে ভকত বৈষ্ণৱৰ নাম-কীৰ্তন । জিলাখনৰ ৩৫ খনকৈ সত্ৰত এতিয়া কেৱল মহাপুৰুষজনাক স্মৰণ । তিনি শতাধিক নামঘৰ আৰু ১৫ খনতকৈও অধিক ৰাজহুৱা স্থানত চলিছে গুৰুজনাৰ অমৰ সৃষ্টিৰ আলোচনা । হয়, মহাপুৰুষ শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তীক লৈ মাজুলীত এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে ।

শাৰদীয় বতৰত কিয় পৃথক মাজুলী ?

সত্ৰসমূহত নাম প্ৰসংগৰ সমান্তৰালকৈ ভাওনাৰ প্ৰস্তুতি চলাইছে গায়ন-বায়নসকলে । জিলাখনৰ মেখেলিগাঁও, ৰাৱনপাৰা, বেজগাঁও, কমলাবাৰী আদি অঞ্চলত বৃহৎ আয়োজন চলিছে গুৰুজনাৰ জন্মোৎসৱৰ ।

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত বছৰত ৰাইজে উদযাপন কৰিব নোৱাৰিলে গুৰুজনাৰ জন্মদিন । সেয়ে পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে ব্যাপকৰূপত মাজুলীত গুৰুজনাক স্মৰণ কৰিবলৈ আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । মাজুলীৰ ঠায়ে ঠায়ে আয়োজন কৰা হৈছে আলোচনা চক্ৰ, মুকলি সভা আৰু বৰগীত, দিহা নামৰ প্ৰতিযোগিতাৰ ।

ইফালে দুৰ্গা পূজাৰ জাক জমকতাইও যেন আকৰ্ষিত কৰিব নোৱাৰে কৰ্মসূত্ৰে মাজুলীৰ বাহিৰত থকা একাংশ লোকক । যাৰ বাবে প্ৰতিবছৰে তেওঁলোকক এই সময়চোৱাত হাত বাউলি মাতে জন্মভূমি মাজুলীয়ে । মুঠতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ সকলো ব্যস্ত থকাৰ মাজতে মাজুলীবাসীক দেখা গৈছে ব্যতিক্ৰমী ৰূপত । যাৰ বাবেই হয়টো বিশ্বদৰবাত আজি মাজুলীৰ আছে এক সুকীয়া স্থান ।

লগতে পঢ়ক :যোৰহাটত উপস্থিত Super Dancer Chapter 4 ৰ বিজয়ী ফ্ল‘ৰিনা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.