শৰতৰ আগমনৰ লগে লগে মাজুলীত ৰাসৰ প্ৰস্তুতি

author img

By

Published : Sep 30, 2021, 7:59 PM IST

শৰতৰ আগমনৰ লগে লগে মাজুলীত ৰাসৰ প্ৰস্তুতি

অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলী ৷ গুৰু দুজনাৰ মিলনৰ মনিকাঞ্চন সংযোগস্থলী মাজুলী- ৰাস, পালনাম আৰু ভাওনাৰ বাবে বিখ্যাত ৷ সেয়ে দুৰ্গোৎসৱৰ সমান্তৰালকৈ মাজুলীবাসীয়ে ৰাসৰো চলাইছে প্ৰস্তুতি ৷

মাজুলী, 30 ছেপ্তেম্বৰ : অসমৰ ভিন্ন প্ৰান্তত শাৰদীয় দুৰ্গোৎসৱ পালন কৰা হয়, কিন্তু মাজুলী এই ক্ষেত্ৰত ব্যতিক্ৰম‌ ৷ সেয়ে ব্যতিক্ৰমী মাজুলীত শৰৎ কাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে । সেয়ে লক্ষ্মী পূৰ্ণিমাৰ দিনটোতে ৰাসৰ নাট শুভাৰম্ভ হয় মাজুলীত ৷ সেয়ে সেই দিনটোৰ পৰাই মাজুলীত সঁচা অৰ্থত শৰতৰ আগমন হয় আৰু দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত হয় ।

শৰতৰ আগমনৰ লগে লগে মাজুলীত ৰাসৰ প্ৰস্তুতি

শৰতৰ পূৰ্ণিমাৰ জোনাকেও যেন প্ৰতি নিশাই জিলিকাই ৰাখিছে মাজুলীৰ বুকু ৷ শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত ৰাস লীলাৰ দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তোলে প্ৰতিজন ৰাস প্ৰেমিকক । সংগীত আৰু নৃত্যৰ সংমিশ্ৰনেৰে মাজুলীৰ ৰাসলীলাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

দুৰ্গোৎসৱ আয়োজনৰ মাজতে শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে যেন ব্যস্ত হৈ পৰে মহাৰাসৰ প্ৰস্তুতিক লৈয়ো ৷

লগতে পঢ়ক: শেৱালিৰ সুবাস, কঁহুৱাৰ শুকুলা হাঁহি আঁৰি সংগোপনে আহিছে শৰৎ

এই সময়চোৱাত প্ৰতিবছৰে হাজাৰ-হাজাৰ দেশী-বিদেশী পৰ্যটকে ভিৰ কৰেহি মাজুলীৰ পদুলি । অৱশ্যে কাল ক’ৰণাৰ বাবে যোৱাটো বছৰ মাথো নিয়মটোহে সম্পন্ন কৰিলে মাজুলীবাসীয়ে ৷ কিন্তু এইবাৰ বিগত বছৰতকৈ কিছু পৃথক ভাৱে উদযাপন কৰিবলৈ মন মেলিছে মাজুলী বাসীয়ে ৷ সেয়ে শৰতৰ আগমনত প্ৰাণ চঞ্চলা কঁহুৱাৰ নাচোনে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মাজুলী বাসীৰ বাবে ৷

মাজুলীৰ ৰাস সদায় অন্যন্য আৰু অদ্বিতীয় । ৰাস মাজুলীৰ স্বাভিমান । আমাৰো আশা পূৰ্বৰ দৰে পুনৰ ভক্তি আৰু সাংস্কৃতিক ৰসেৰে ৰঙীন হৈ উঠক সত্ৰ ভূমি মাজুলীৰ পৰিৱেশ ৷

লগতে পঢ়ক: বিশ্ব পৰ্যটন দিৱসৰ দিনটোত নিমাও-মাও মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.