ৰাইজ, ছাত্ৰ সমাজ আৰু আছুৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা

author img

By

Published : Sep 9, 2021, 3:09 PM IST

Updated : Sep 9, 2021, 5:05 PM IST

nimatigha-tragedy-lead-protest-in-majuli

বুধবাৰৰ জাহাজ দূৰ্ঘটনাৰ পিছত উত্তপ্ত হ’ল মাজুলীৰ পৰিৱেশ ৷ ৰাজপথলৈ প্ৰতিবাদকৰিবলৈ ওলাই আহিল হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী তথা মাজুলীবাসী ৰাইজ ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক বাধা দিবলৈ গৈ লাঠী চালনা কৰিলে আৰক্ষীয়ে ৷

বৃহস্পতিবাৰ, 9 ছেপ্টেম্বৰ : বুধবাৰে নিমাতীঘাটত সংঘটিত হোৱা ভয়াৱহ জাহাজ দূৰ্ঘটনাৰ পৰিণতিত এতিয়া উত্তপ্ত হৈছে মাজুলীৰ পৰিৱেশ ৷ বৃহস্পতিবাৰে মাজুলীত মন্ত্ৰী বিমল বৰাক ঘেৰাও কৰিলে আছু আৰু ৰাইজে ৷ বুধবাৰৰ জাহাজ দূৰ্ঘটনাৰ পিছত মন্ত্ৰী বিমল বৰাক এইদৰে ঘেৰাও কৰিলে প্ৰতিবাদকাৰী সকলে ৷ ইপিনে, মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিলে মাজুলীৰ বিভিন্ন মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰী তথা মাজুলীবাসী ৰাইজ ৷

ছাত্ৰৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক বাধা দিবলৈ গৈ লাঠী চালনা কৰিলে আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই ৷প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে জিলা উপায়ুক্ত বিক্ৰমজিৎ কৈৰীৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মাজুলীত উপস্থিত হোৱাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে এইদৰে উত্তপ্ত হ’ল মাজুলীৰ জিলা সদৰ গড়মূৰ ৷

লগতে পঢ়ক : নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

Last Updated :Sep 9, 2021, 5:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.