HSLC question paper leaked : লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ নিৰিক্ষক প্ৰণৱ দত্তৰ বিৰুদ্ধে ক্ষোভ

author img

By

Published : Mar 18, 2023, 6:58 PM IST

Mass meeting at Lohit Khaboli High School

প্ৰসংগ : প্ৰশ্নকাকত ফাদিল (HSLC question paper leaked)৷ এই সন্দৰ্ভত শনিবাৰে লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভাৰ ৷ য’ত উপস্থিত থাকে বিভিন্ন দল সংগঠনৰ লোকৰ লগতে লোহিত খাৱলী বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু স্থানীয় বহু ৰাইজ (Mass meeting at Lohit Khaboli High School) ৷

লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ নিৰিক্ষক প্ৰণৱ দত্তৰ বিৰুদ্ধে ক্ষোভ

মাজুলী, 18 মাৰ্চ : শনিবাৰে লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এক ৰাজহুৱা সভাৰ (Mass meeting at Lohit Khaboli High School) ৷ লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ দত্তই প্ৰশ্নকাকত ফাদিল কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ যি হেতালি খেলিলে এই সম্পৰ্কতে আয়োজন কৰা হয় এই ৰাজহুৱা সভাখন ।

যিখন সভাত লোহিত খাৱলী বিদ্যালয়ৰ পৰিচালনা সমিতি, বিভিন্ন দল সংগঠনৰ লোকৰ লগতে কেবাগৰাকীও স্থানীয় ৰাইজ উপস্থিত থাকে । এই সভাতে লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা পৰীক্ষাৰ নিৰীক্ষক প্ৰণৱ দত্তৰ বিৰুদ্ধে ক্ষোভ উজাৰিৰে আয়োজকসকলে ৷ লগতে সকলোৱে একমুখে শিক্ষক প্ৰণৱ দত্তক ধিক্কাৰ দিয়ে (HSLC paper leak case accused Pranab Dutta) ৷

লগতে পঢ়ক : HSLC exam paper leak: প্ৰণৱ দত্তৰ বাবেই কলংকিত হ’ল কুমুদ ৰাজখোৱা; আত্মীয়ৰ অভিযোগ

ইফালে এই সভাতে পৰৱৰ্তী পৰীক্ষাসমূহ সুচাৰুৰূপে চলাই নিবলৈ পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতি, লোহিত খাৱলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়ৰ শিক্ষক গোট আৰু মিছিং জাতীয় সংগঠনৰ নেত্ৰীবৃন্দ উপস্থিতিত আলোচনা কৰা হয় । অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ যাতে কোনোৱে হেতালি খেলিব নোৱাৰে, তাৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত লোহিত খাৱলীবাসী ৰাইজে দাবী জনায় (HSLC question paper leaked) ।

লোহিত খাৱলীৰ এজন সচেতন লোকে সংবাদ মাধ্যমৰ আগত কয় যে লোহিত খাৱলী শিক্ষা বিভাগতো বছৰ বছৰ ধৰি লখিমপুৰ জিলাৰ লগত চামিল হৈ আছে ৷ কিন্তু এবছৰৰ আগতে লোহিত খাৱলী অঞ্চলটো মাজুলী জিলাৰ লগত অন্তৰ্ভুক্ত হৈছে ৷ গতিকে লোহিত খাৱলী শিক্ষা বিভাগতো মাজুলীৰ লগত সংযোগ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই লোহিত খাৱলী অঞ্চলৰ ৰাইজে (Lohit Khaboli High School) ।

লগতে পঢ়ক : HSLC exam paper leak: ছাত্ৰীৰ বিস্ফোৰক অভিযোগ; 2022 চনতো মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰিছিল প্ৰণৱ দত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.