মাজুলীবাসীক মাধমাৰ; 100 শতাংশ বৃদ্ধি হ’ব ফেৰী ভাড়া

author img

By

Published : Sep 23, 2022, 1:45 PM IST

Majuli ferry fare will be increased by 100 percent

এইবাৰ মাজুলীলৈ যোৱা ফেৰীৰ ভাড়া 100 শতাংশ বৃদ্ধি হ’ব ৷ চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰি শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে (Majuli ferry fare will be increased) ৷

মাজুলী, 23 ছেপ্টেম্বৰ: পুনৰ মাজুলীবাসীৰ মূৰত চৰকাৰৰ ৰাম টাঙোন ৷ এইবাৰ মাজুলীলৈ যোৱা ফেৰীৰ ভাড়া 100 শতাংশ বৃদ্ধি হ’ব (Ferry fare will be increased) ৷ শেহতীয়াকৈ অসম চৰকাৰে মাজুলীৰ পাৰঘাটসমূহৰ লগতে অসমৰ আন আন পাৰঘাটসমূহতো 100 শতাংশ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Majuli ferry fare will be increased)।

ইয়াৰ পিছতে মাজুলীৰ সাধাৰণ ৰাইজে কোনো কাৰণতে এই ভাড়া বৃদ্ধি কৰিব নালাগে বুলি অনলাইন যোগে আবেদন কৰিছিল । কিন্তু কেইদিনমানৰ পৰা এই ভাড়া বৃদ্ধিক ​লৈ যদি কিবা ক’বলগীয়া থাকিলে মাজুলীবাসীক গুৱাহাটীলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি মাজুলীৰ কিছু কিছু লোকলৈ মেইল আহিছে ৷ চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰি শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (Assam jatiyatabadi Yuva satra parisad) মাজুলী জিলা সমিতিয়ে ৷

মাজুলীবাসীক মাধমাৰ; 100 শতাংশ বৃদ্ধি হ’ব ফেৰী ভাড়া

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি মুনিন্দ্ৰ ভূঞাই কয় যে 2015 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাজুলী নিমাতী ফেৰীৰ ভাৰা বৃদ্ধি কৰিব বিচৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ তেতিয়াই ন্যায়ালয়ে ৰায় দিছিল মাজুলী যোৰহাটৰ মাজৰ ফেৰী ভাড়া বৃদ্ধি কৰিব লগা হ’লেও বিভাগে মাজুলীলৈ গৈ মাজুলীবাসীৰ মতামত লৈহে ভাড়া বৃদ্ধি কৰিব লাগিব।

কিন্তু ইয়াৰ বিপৰীতে এতিয়া বিভাগে পুনৰ মাজুলীবাসীক গুৱাহাটীত লৈ মাতি মতামত গ্ৰহণ কৰিব খোজা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি ক্ষোভ প্ৰকাশ কৰে ভূঞাই ৷ চৰকাৰৰ সিন্ধান্ত মৰ্মে 100 শতাংশ ভাড়া বৃদ্ধি হ’লে মাজুলীত অত্যধিকভাৱে সামগ্ৰীৰ মূল্য বৃদ্ধি হ’ব বুলি আশংকা প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷

এই সন্দৰ্ভত কোনো পদক্ষেপ নল’লে ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰাৰ লগতে আদলতৰ কাষ চপাৰ হুংকাৰ দিয়ে নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: আজি দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিব কিৰেণ ৰিজিজুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.