মাজুলীত আছুৱে প্ৰৱেশ নিষিদ্ধ কৰিলে চন্দ্ৰমোহন পাটোৱাৰীক

author img

By

Published : Sep 11, 2021, 9:23 PM IST

Updated : Sep 11, 2021, 9:34 PM IST

majuli-aasu-demands-arrest-of-minister-chandarmohan-patowary

এক সংবাদমেল যোগে চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী কৰিলে মাজুলী জিলা ছাত্ৰ সন্থাই ৷ ফেৰী দুৰ্ঘটনাৰ বাবে চন্দ্ৰমোহন পাটোৱাৰীকে জগৰীয়া আখ্যা আছুৰ ৷

মাজুলী , 11 ছেপ্টেম্বৰ : মাজুলী আৰু যোৰহাট সংযোগী ফেৰীৰ দুৰ্ঘটনাৰ পিছত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ মাজুলীত ৷ ইয়াক লৈ মাজুলীত সৰ্বস্তৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে ৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই যোৱা ৯ ছেপ্তেম্বৰত সমগ্ৰ মাজুলীত ক’লা দিৱস ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই গড়মুৰ সদৰত এক সংবাদ মেল সম্বোধন কৰে ৷

জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই শোকাৱহ ঘটনাটোত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে আৰু সন্ধানহীন ব্যক্তি কেইজনৰ যাতে তাৎক্ষণিক সম্ভেদ পায় তাৰ বাবে উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ ন্যায়িক তদন্তৰ যোগেদি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে আছুৱে ৷

অন্যহাতে সংবাদ মেলত আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে, উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নল’লে পাটোৱাৰীয়ে ৷ নিমাতী-মাজুলী ফেৰী দুৰ্ঘটনাৰ বাবে দায়ী চন্দ্ৰমোহন পাটোৱাৰীক অতি শীঘ্ৰে ATTEMPT TO MURDER গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে ৷

চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী মাজুলী আছুৰ

মাজুলীবাসী জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত হেতালি খেলাৰ অভিযোগ কৰি আছুৱে অকৰ্মণ্য, অপদাৰ্থ মন্ত্ৰী আখ্যা দিয়ে মন্ত্ৰী গৰাকীক ৷ আৰম্বৰপূৰ্ণ অনুষ্ঠান পাতি ৰ’ৰ’ আৰু ৰ’পেক্স জাহাজ মাজুলীলৈ উপহাৰ দি মন্ত্ৰী, জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচিৰে বন্ধ কৰি ৰাখি চিণ্ডিকেটৰাজ চলাই এনে এক শোকাবহ পৰিবেশৰ সৃষ্টি কৰিলে বুলিও অভিযোগ কৰিলে আছুৱে ৷

আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে, মুখ্যমন্ত্ৰী গৰাকীৰ মাজুলীবাসীৰ প্ৰতি যদি এচুলিমানো অনুকম্পা আছে, শীঘ্ৰে দাম্ভিক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বৰ্খাস্ত কৰি সৎ সাহস দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় ৷ লগতে মন্ত্ৰী গৰাকীকো তদন্তৰ আওঁতালৈ আনিবলৈ ছাত্ৰ সন্থাই সংবাদল যোগে দাবী জনাইছে ৷ তাৰ সমান্তৰাল ভাৱে জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দোষী বিষয়া কৰ্মচাৰীকো তদন্তৰ আওঁতালৈ আনি তাৎক্ষণিক ভাবে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক : বিবাহিত সুন্দৰী মহিলাৰ প্ৰেমত পৰি কি হ’ল ভূৱা বেংকৰ মেনেজাৰৰ ?

Last Updated :Sep 11, 2021, 9:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.