368 বছৰীয়া পৰম্পৰাৰে আউনীআটি সত্ৰত কাতি বিহু উদযাপন

author img

By

Published : Oct 19, 2021, 10:09 AM IST

kati-bihu-celebration-at-auniati-satra

সত্ৰনগৰী মাজুলীত সোমবাৰে শাৰদীয় মুখ্য উৎসৱ কাতি বিহু(Kati Bihu) উদযাপন ৷ ধৰ্মীয় পৰম্পৰাৰে আকাশবন্তিক অধিক গুৰুত্ব দি সত্ৰসমূহত উদযাপন কৰা হয় হেঁপাহৰ বিহুটি ৷ ঐতিহাসিক আউনীআটি সত্ৰ(Auniati Satra)তো 368 বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰাৰ উপলক্ষে মুঠ 21 যোৰা আকাশবন্তি প্ৰজ্বলন কৰা হয় ৷

মাজুলী, 19 অক্টোবৰ : মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰ(Auniati Satra)ত সোমবাৰে 368 বছৰীয়া পৰম্পৰাৰে উদযাপন কৰা হয় কাতি বিহু(Kati Bihu) ৷ সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা আউনীআটি সত্ৰত কাতি বিহু উপলক্ষে আকাশবন্তি প্ৰজ্বলনৰ পৰম্পৰা অব্যাহত আছে ৷ ইয়াৰ বাবে সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে মুঠ 21 যোৰা আকাশবন্তি প্ৰজ্বলন কৰা হয় ৷

kati-bihu-celebration-at-auniati-satra
আউনীআটি সত্ৰত কাতি বিহু উদযাপন

সত্ৰখনত প্ৰজ্বলিত হোৱা 21 যোৰা আকাশবন্তি সমগ্ৰ কাতি মাহটোতে প্ৰজ্বলন কৰা হ’ব ৷ কৰ’ণা(Corona) মহামাৰীৰ সংকটৰ মাজতে কৃষি প্ৰধান জিলা মাজুলীত কাতি বিহু উলহ-মালহেৰে উদযাপন কৰা হয় ৷ মাজুলীৰ 35 খন সত্ৰত সুকীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰা পৰিলক্ষিত হয় ৷

kati-bihu-celebration-at-auniati-satra
আউনীআটি সত্ৰত কাতি বিহু উদযাপন

ইয়াৰ সমান্তৰালকৈ দক্ষিণপাট সত্ৰ(Dakhinpat Satra)ত 7 যোৰা আৰু গড়মূৰ সত্ৰ(Garamurh Satra)ত 3 যোৰা বন্তি প্ৰজ্বলন কৰা হয় ৷ যদিও কাতি বিহু কঙালী তথাপিও সত্ৰসমূহত এই বিহুৰ ধৰ্মীয় আধ্যাত্মিকতা বেছি । কাতি মাহটো দামোদৰ মাহ বা পূণ্য মাহ আৰু এই কাতি মাহত তুলসী ৰোপণ কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে 21 পুৰুষ উদ্ধাৰ হয় বুলি মান্যতা আছে ।

kati-bihu-celebration-at-auniati-satra
আউনীআটি সত্ৰত কাতি বিহু উদযাপন

এইবেলি আকাশবন্তিক অধিক গুৰুত্ব দি মাৰি-মৰক নাশৰ প্ৰাৰ্থনা কৰিছে সত্ৰই । তুলসী দৰ্শন পাত্ৰে পূণ্য হয়, স্পৰ্শ কৰিলে পাপ ক্ষয় হয় আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় । এই কথা পদ্ম পুৰাণত উল্লেখ আছে আৰু তাকে সাৰোগত কৰি সকলোৱে তুলসী পূজা কৰাও দেখা গৈছে । পৰ্যটকৰ মানচিত্ৰত স্থান পোৱা আউনীআটি সত্ৰৰ আকাশবন্তি দৰ্শন কৰিবলৈ বিয়লি ভাগৰে পৰা সত্ৰত ভিৰ কৰে বহু ভক্ত-দৰ্শনাৰ্থীয়ে ৷

kati-bihu-celebration-at-auniati-satra
আউনীআটি সত্ৰত কাতি বিহু উদযাপন

উল্লেখ্য যে, সত্ৰনগৰী মাজুলীত কাতি বিহুক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । কাতি বিহু, ৰাস উৎসৱ আৰু পালনাম হৈছে মাজুলীৰ মুখ্য ধৰ্মীয় উৎসৱ ৷ কৰ’ণাৰ সংক্ৰমণৰ মাজতে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰা হৈছে মাজুলীৰ আউনীআটি সত্ৰ, দক্ষিণপাট সত্ৰ আৰু গড়মূৰ সত্ৰত ৷

লগতে পঢ়ক : ৰাজ্যজুৰি শনিবাৰে পালন কৰা হ’ল কাতি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.