মাজুলীত ৪৮ ঘন্টীয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ প্ৰভাৱ

author img

By

Published : Oct 11, 2021, 4:19 PM IST

Impact of 48 hours Majuli bandh

জিলা বণিক সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে মাজুলীত । সোমবাৰে পুৱাৰে পৰা বন্ধ হৈ আছে দোকান-পোহাৰ । মালবাহী ফেৰীৰ চলাচল পুনৰ আৰম্ভ কৰাৰ দাবীত বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে ।

মাজুলী, ১১ অক্টোবৰ: সোমবাৰে মাজুলীত ৪৮ ঘন্টীয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । মালবাহী ফেৰীৰ চলাচল পুনৰ আৰম্ভ কৰাৰ দাবীত বন্ধৰ আহ্বান জনাইছে জিলা বণিক সন্থাই । কিয়নো, মালবাহী ফেৰীসমূহৰ চলাচল বন্ধ হৈ থকাৰ বাবে মাজুলীৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । যোৱা ৮ ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পাচত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিছিল এটা ইঞ্জিন যুক্ত ফেৰী সেৱা ।

মাজুলীত ৪৮ ঘন্টীয়া ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ প্ৰভাৱ

এই ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে বন্ধ হৈ পৰিছে এটা ইঞ্জন যুক্ত যাত্রীবাহী ফেৰী সেৱাৰ লগতে খাদ্য সামগ্ৰীকে আদি কৰি আন আন সামগ্ৰী কঢ়িয়াই অনা ফেৰী সেৱা । খাদ্য সামগ্ৰী কঢ়িয়াই অনা ফেৰীৰ চলাচল বন্ধ হোৱাৰ ফলত মাজুলীত খাদ্য সামগ্ৰীকে আদি কৰি আন আন সামগ্ৰীৰ নাটনিৰ লগতে মূল্যবৃদ্ধিও হৈছে । খাদ্য সামগ্ৰীকে আদি কৰি আন আন সামগ্ৰী মাজুলীলৈ আনিবলৈ সুবিধা কৰি দিবলৈ জিলা বণিক সন্থাই প্ৰশাসনক আহ্বান জনাইছিল যদিও কোনো সুফল নাপালে । সেয়ে, মাজুলীৰ জিলা বণিক সন্থাই সোমবাৰে পুৱা ৬ বজাৰ পৰা সমগ্ৰ মাজুলী জিলাতে ৪৮ ঘন্টাৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ আহবান জনায় ।

সংগঠনটোৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজুলীৰ দোকান-পোহাৰবোৰ পুৱাৰে পৰা বন্ধ ৰখা পৰিলক্ষিত হৈছে । মাজুলীৰ কমলাবাৰী, গড়মূৰ, ফুলনি, জেংৰাইমুখ, নতুন বজাৰ, ভকতি দুৱাৰ আদি স্থানত পুৱাৰে পৰা নিমাওমাও পৰিৱেশে বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে । মাজুলী জিলা বণিক সন্থাই চৰকাৰ তথা প্ৰশাসনক অতি সোনকালে মালবাহী ফেৰীৰ চলাচল পুনৰ আৰম্ভ কৰাৰ অনুমতি দিবলৈ দাবী জনাইছে ‌।

লগতে পঢ়ক:ৰামেশ্বৰ তেলীৰ অদ্ভুত মন্তব্যৰ পাছতে দল-সংগঠনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.