Golden Jubilee of Kamargaon Yuva Sangha:মাজুলীৰ কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Golden Jubilee of Kamargaon Yuva Sangha:মাজুলীৰ কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
মাজুলীৰ কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তী আৰম্ভ (Kamargaon Rupali Yuva Sangha of Majuli) । এই উপলক্ষে প্ৰথম দিনা পুৱা ৫০ খন পাতাকা উত্তোলন কৰে ৫০ গৰাকী বিশিষ্ট ব্য়ক্তিয়ে । সোমবাৰে অন্ত পৰিব এই সোণালী জয়ন্তী সমাৰোহৰ ।
মাজুলী,২৩ জানুৱাৰী: মাজুলী জিলাৰ কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান দেওবাৰৰ পৰা আৰম্ভ হৈছে (Golden Jubilee of Kamargaon Rupali Yuva Sangha)। দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সোমবাৰে অৰ্থাৎ আজি অন্ত পৰিব । সোণালী জয়ন্তীৰ প্ৰথম দিনা পুৱা ৫০ খন পাতাকা উত্তোলন কৰা হয় । ইয়াৰ পাছত বৃক্ষ ৰোপণ কৰে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে । এই অনুষ্ঠানৰ জন্মলগ্নৰ পৰা জড়িত থকা যি সকল লোকে ইতিমধ্য়ে এই সংসাৰৰ পৰা বিদায় মাগিছে সেইসকলক সুঁৱৰি এখন স্মৃতিচৰণ সভাৰ আয়োজন কৰা হয় ।
কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তীত কমাৰগাঁও ৰূপালী মাইনা পাৰিজাত আৰু শঙ্কৰজ্যোতি মাইনা পাৰিজাতৰ কণ কণ শিশুসকলক লৈ এটি বিশেষ কাৰ্যসূচী অনুস্থিত হয় । নিশা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকী আমন্ত্ৰিত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে । এই অনুষ্ঠানত অঞ্চলটোৰ লগতে মাজুলী বিভিন্ন প্ৰান্তৰ শিল্পীসকলে পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানে দৰ্শকক আপ্লুত কৰে ।
আজি মাজুলী কমাৰগাঁও ৰূপালী যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ শেষৰটো দিনত ইতিমধ্য়ে বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে । এই উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব । এই শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হ'ব বুলি আয়োজকসকলে সদৰি কৰিছে । ইয়াৰ পাছত দিনৰ ১২বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব । এই মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰিব ।
উল্লেখ্য় যে আজিৰ পৰা ৫০ বছৰ পূৰ্বে অঞ্চলটোৰ কেইগৰাকীমান বিশিষ্ট ব্য়ক্তিয়ে সমাজৰ উন্নয়নৰ লক্ষ্যৰে গঠন কৰিছিল কমাৰগাঁও ৰূপালী যুৱ সংঘৰ । প্ৰথমতে এই সংঘৰ কাম-কাজ সীমিত আছিল যদিও সময় যোৱাৰ লগে লগে ইয়াৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰে । সময়ে সময়ে কমাৰগাঁও ৰূপালী যুৱ সংঘৰ উদ্য়োগত আয়োজিত হৈ আহিছে বিভিন্ন অনুষ্ঠানৰ ।
লগতে পঢ়ক:Poor condition of a wooden bridge: জৰাজীৰ্ণ দলঙৰ পৰা বৰলীয়া নৈত সৰি পৰিল মটৰ চাইকেলসহ আৰোহী
