দালালৰ পাকচক্ৰত সকলো হেৰুৱালে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষই

author img

By

Published : Sep 30, 2021, 3:49 PM IST

Land broker in Majuli

মাজুলীত প্ৰথমটো মাটিৰ দালালি সংক্ৰান্তীয় ঘটনা পোহৰলৈ আহিছে ৷ যতীন হাজৰিকা নামৰ দালালৰ চক্ৰান্তত পৰি ঘৰ-মাটি সকলো হেৰুৱাইছে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ আনন্দ হাজৰিকাই । এই অভিযোগ উত্থাপন কৰিছে ড৹ হাজৰিকাই ৷

মাজুলী, 30 ছেপ্তেম্বৰ : দালালৰাজে কঁপাইছে ৰাজ্য ৷ ৰাজ্যৰ পৰা দালালৰাজ উৎখাত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছিল ৷ সেই মৰ্মে প্ৰসাশনেও লৈছে কঠোৰ পদক্ষেপ ৷ বৰ্তমানলৈকে আটক কৰা হৈছে চাৰিশৰো অধিক দালাল

মাটিৰ দালালে চেকা লগাইছে মাজুলীক

ইয়াৰ মাজতে মাজুলীত পোহৰলৈ আহিছে দালাল ৰাজৰ এটি গোপন তথ্য ৷ মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড৹ আনন্দ হাজৰিকাই পোহৰলৈ আনিছে এই তথ্য ৷ মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্যগৰাকীয়ে এইবাৰ দালাল ৰাজৰ অভিযোগ উত্থাপন কৰিছে যতীন হাজৰিকা ওৰফে জিতু নামৰ এজন দালালৰ বিৰুদ্ধে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড৹ আনন্দ হাজৰিকাই উল্লেখ কৰা অনুসৰি, ২০০৪ চনত চোলাধৰা জ্ঞানপীঠত তেওঁ ২ কঠা ১১ লোছাৰ মাটি আৰু এটা পকী ঘৰ ক্ৰয় কৰিছিল ।

এই ঘৰ আৰু মাটি ক্ৰয় কৰাত সহায় কৰিছিল যতীন হজৰিকা নামৰ এই লোকজনে । মাটি ক্ৰয় কৰা সময়ত সহায় কৰা বাবেই যতীন হাজৰিকা আপোন হৈ পৰিছিল শিক্ষক আনন্দ হাজৰিকা লগতে পৰিয়ালৰো । ক্ৰমাৎ যতীন হাজৰিকা আৰু আনন্দ হাজৰিকাৰ দুয়োখন ঘৰৰ মাজত গঢ়ি উঠা আত্মিক সম্পৰ্ক দৃঢ় হৈ পৰিছিল ৷

লগতে পঢ়ক: Operation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

যাৰ বাবে যতীন হাজৰিকাৰ বিপদৰ সময়ত আনন্দ হাজৰিকাই মাজুলীত ক্ৰয় কৰা ঘৰৰ এটা অংশত থাকিবলৈ দিছিল । এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে আনন্দ হাজৰিকাই ৷ কিন্তু আনন্দ হাজৰিকাক ঘৰটো প্ৰয়োজন হোৱাত বিগত কেইবাবছৰ ধৰি আনন্দ হাজাৰিকাই ক্ৰয় কৰা ঘৰটো এৰি দিবলৈ কৈ আছিল যতীন হাজৰিকাক ৷

কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ বিপৰীতে যতীন হাজৰিকাই আনন্দ হাজৰিকাৰ বিৰুদ্ধে থানাত এক গোচৰহে ৰুজু কৰে ৷ অভিযোগ অনুসৰি, বিভিন্ন কৌশল অৱলম্বন কৰি যতীন হাজৰিকাই ড৹ হাজৰিকাৰ চোলাধৰা জ্ঞানপীঠৰ মাটিখিনি নিজৰ কৰি লোৱাৰ চেষ্টা কৰে ৷ আনকি যতীন হাজৰিকাই আনন্দ হাজাৰিকাৰ বিৰুদ্ধে বিভিন্ন ভুৱা গোচৰ জাপি দি ড৹ হাজৰিকাক অপমানিত কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে আনন্দ হাজৰিকাই ৷

উল্লেখ্য যে, যতীন হাজৰিকাৰ এনে কামৰ বাবে এতিয়া সমস্যাত পৰিছে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গৰাকী । ড৹ হাজৰিকাই এই ক্ষেত্ৰত বিচাৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে পৰা সহায় ৷ মন্ত্ৰী শৰ্মাৰ নিৰ্দেশ মৰ্মে যেনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উৎখাত কৰা হৈছে দালাল চক্ৰক ৷ তেনেদৰে মাজুলীৰ যতীন হাজৰিকা নামৰ দালালটোকো আইনী আওতালৈ আনিবলৈ ড৹ শৰ্মাক আহ্বান জনাইছে ড৹ হাজৰিকাই ৷

লগতে পঢ়ক: গৰুখুটিত ধন সংগ্ৰহকাৰী কোন এই দালাল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.