জনগোষ্ঠীয়, সত্ৰীয়া সংস্কৃতিৰ সাধক বসন্ত কুমাৰ মিলিলৈ দামোদৰ দেৱ বঁটা

author img

By

Published : Oct 18, 2021, 6:54 PM IST

DAMODAR DEV AWARD TO BASANTA KUMAR MILI

সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰৰ বাবে অৱদান আগবঢ়াই অহা বসন্ত কুমাৰ মিলিলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ দামোদৰ দেৱ বঁটা । সোমবাৰে মাজুলীৰ শ্ৰী শ্ৰী আউনিআটী সত্ৰত তেওঁক এই বঁটা প্ৰদান কৰা হয় । জনগোষ্ঠীয় কৃষ্টিৰ প্ৰসাৰতো ব্ৰতী হৈ আহিছে বসন্ত কুমাৰ মিলি ।

মাজুলী, ১৮ অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ, সত্ৰীয়া সংস্কৃতি, জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰৰ বাবে প্ৰয়াস কৰি আহিছে মাজুলীৰ ঢাপাক গাঁৱৰ নিবাসী বসন্ত কুমাৰ মিলিয়ে । তেওঁ এতিয়ালৈকে কৰি অহা প্ৰয়াসে আজি স্বীকৃতি পালে । সোমবাৰে ঐতিহাসিক শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ তৰফৰ পৰা বসন্ত কুমাৰ মিলিলৈ আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ দামোদৰ দেৱ বঁটা । অনুপম সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধনা কৰি আহিছে মিলিয়ে ।

তেওঁ জনগোষ্ঠীয় কৃষ্টিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে নিৰৱচিন্নভাৱে প্ৰচেষ্টা চলাই আহিছে । সেয়ে, আজি তেওঁক দামোদৰ দেৱ বঁটাৰে সন্মানিত কৰা হয় । কাতি বিহুৰ শুভ দিনটোতে সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীৰ চ'ৰাত এখন সভাৰ আয়োজন কৰা হয় আৰু এই সভাতে বসন্ত কুমাৰ মিলিক আনুষ্ঠানিকভাৱে বঁটাটি প্ৰদান কৰা হয় । মিলিক এই বটাঁ প্ৰদান কৰে সত্ৰাধিকাৰগৰাকীয়ে ।

জনগোষ্ঠীয়, সত্ৰীয়া সংস্কৃতিৰ সাধক বসন্ত কুমাৰ মিলিলৈ দামোদৰ দেৱ বঁটা

বঁটাত আছে নগদ ধন, কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ, চেলেং, গামোচা আদি । ২০১২ বৰ্ষৰ পৰা সত্ৰই সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানিত কৰি আহিছে ।

চলিত বৰ্ষত এগৰাকী জনগোষ্ঠীয় লোকক এই বঁটা প্ৰদান কৰা হৈছে‌ । এই বঁটা লাভ কৰি আনন্দিত হৈ পৰিছে বসন্ত কুমাৰ মিলি । ২০০৩ চনৰ পৰাই তেওঁ এই সাধনা আৰম্ভ কৰিছিল ।

লগতে পঢ়ক:অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.