মাজুলীত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

author img

By

Published : Sep 20, 2021, 6:39 PM IST

class-ten-teaching-restarted-in-majuli

অসম চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ মাজুলীতো সম্পূৰ্ণ ক'ভিড নীতি মানি আৰম্ভ হৈছে বিদ্যালয় সমূহৰ পাঠদান ৷

মাজুলী,20 ছেপ্তেম্বৰ: ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম মানি সোমবাৰৰ পৰা পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ আন সমূহ জিলাৰ সমান্তৰালকৈ মাজুলীৰ এক অগ্ৰনী শিক্ষানুষ্ঠান চামগুৰি সত্ৰ ৰাওনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সম্পূৰ্ণ নীতি নিয়ম মানি সোমবাৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান ৷ পাঠদান কৰিবৰ বাবে বিদ্যালয় খনৰ প্ৰতিটো কোঠা, বিদ্যালয় খনৰ সকলো ঠাই সুন্দৰকৈ পৰিস্কাৰ কৰা হৈছে ৷

লগতে প্ৰতিটো কোঠা ছেনিটাইজ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷ বিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, বিদ্যালয় খনৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰী আৰু সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে ক'ভিডৰ সকলো নীতি নিয়ম মানি চলিছে ৷ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰতে সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ লগতে মুখত মাক্স ব্যৱহাৰ কৰাতো বাধ্যতামূলক কৰা হৈছে ৷

মাজুলীত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰায় দুটা বছৰ ক'ভিড মহামাৰীৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিদ্যালয় সমূহ বন্ধ হৈ আছিল ৷ যাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয় ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী ৷

কিন্তু ক্ৰমাৎ ৰাজ্য খনলৈ এটা সুস্থিৰ পৰিবেশ ঘুৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা নিৰ্ধাৰিত নীতি নিয়মৰ মাজেৰে দশম শ্ৰেণীৰ পাঠদানৰ বাবে অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়কঃ অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.