কাতি বিহুৰ পালনৰ বাবে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ

author img

By

Published : Oct 17, 2021, 6:49 PM IST

celebrate kati bihu uruka

কাতি বিহুক আদৰিবলৈ ৰাজ্যবাসীৰ লগতে সাজু হৈছে মাজুলীৰ সত্ৰ সমূহ । ৩৬৮ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত সাজু কৰি তোলা লৈছে আকাশ বন্তি সমূহ ।

মাজুলী, 17 অক্টোবৰ : কাইলৈ অৰ্থাৎ সোমবাৰে ৰাজ্যবাসীয়ে উদযাপন কৰিব অসমীয়াৰ অতিকৈ আপোন কাতি বিহু । দুৰ্গোৎসৱ বিহীন মাজুলীত ব্যাপক প্ৰস্তুতি চলিছে কাতি বিহুকলৈ । মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তি প্ৰজ্বলন কৰিব সোমবাৰে ।

celebrate kati bihu uruka
আজি কাতি বিহুৰ উৰুকা

ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় শেষ হৈছে । উল্লেখ্য যে, সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে মাজুলীত । তাৰ বাবে সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে প্ৰজ্বলন কৰিব ২১ যোৰা বন্তি ।

celebrate kati bihu uruka
কাতি বিহুক লৈ উথপথপ মাজুলী

যদিওবা কাতি বিহু কঙালী বুলি অভিহিত কৰা হয়, তথাপিও সত্ৰ সমূহত এই বিহুৰ আধ্যাত্মিকতা বেছিহে দেখা যায় ।

কাতি মাহটো পূণ্যমাহ আৰু এই কাতি মাহত তুলসী ৰোপন কৰিলে মানৱ জাতিৰ কল্যাণ সাধন হোৱাৰ লগতে ২১ পুৰুষ উদ্বাৰ হয় বুলি লোক বিশ্বাস আছে । ‘‘তুলসী দৰ্শন পাত্ৰে পূণ্য হয়, স্পৰ্শ কৰিলে পাপ ক্ষয় হয়, আৰু তুলসীৰ তলত সকলো তীৰ্থ পোৱা যায় ।’’ এই কথা পদ্ম পুৰাণত উল্লেখ আছে ।

কাতি বিহুৰ বাবে সাজু মাজুলীৰ সত্ৰসমূহ

২১ যোৰা আকাশ বন্তি গোটেই কাতি মাহতে প্ৰজ্বলিত হৈ থাকিব । সোমবাৰে সত্ৰৰ পৰম্পৰা অনুসৰি, গায়ন, বায়ন, ঢোলীয়া, খুলিয়া, ওজাপালি নাইবা সংকীৰ্তন আদিৰ মাজেৰে সত্ৰাধিকাৰে সন্ধিয়া ২১ যোৰ আকাশ বন্তি প্ৰজ্বলন কৰিব । যাৰ বাবে সত্ৰৰ কণ কণ বৈষ্ণৱ সকলেও তুলসী ভেটি নিৰ্মাণত বৰ্তমান ব্যস্ত হৈ পৰিছে ।

দুৰ্গোৎসৱ বিহীন মাজুলীৰ ৰাস, পাল নামৰ লগতে কাতি বিহুক শাৰদীয় উৎসৱ হিচাপে পালন কৰে মাজুলীবাসী ৰাইজে । দামোদৰ মাহ হিচাপে গণ্য কৰা কাতি মাহতো আকাশ বন্তি প্ৰজ্বলিত হৈ থাকিব মাজুলী । সত্ৰ সমূহত পৰম্পৰা ৰক্ষা কৰি সোমবাৰে উদযাপন কৰা হ’ব কাতি বিহু ৷

লগতে পঢ়ক : পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ; পৰ্যটক সোঁত বৈছে কাজিৰঙালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.