অসম গৌৰৱ ২০২১ বঁটাৰে সন্মানিত মাজুলীৰ বিতুপন দলে

author img

By

Published : Sep 10, 2021, 10:13 PM IST

assam gaurav bitupan doley reached  majuli

Indian books of Record ৰ Lead Indian Award আৰু "অসম গৌৰৱ ২০২১"বঁটাৰে সন্মানিত বিতুপন দলে গৃহভূমি মাজুলী উপস্থিত ৷

মাজুলী, 10 ছেপ্টেম্বৰ : Indian books of Record ৰ Lead Indian Award আৰু ' অসম গৌৰৱ ২০২১' বঁটাৰে সন্মানিত বিতুপন দলে গৃহভূমি মাজুলী উপস্থিত । ক্ৰীড়াৰ জড়িয়তে যুৱ প্ৰজন্মক একত্ৰিত কৰি ঐক্য,শান্তি আৰু প্ৰগতিৰ সমাজ গঢ়া লক্ষ্যৰে অৰ্হনিশে সমাজৰ বাবে কাম কৰি যোৱা এজন যুৱক হ’ল বিতুপন দলে । এগৰাকী বিশিষ্ট সমাজ সেৱক, সুদক্ষ খেলুৱৈ হোৱাৰ লগতে দলে এগৰাকী ক্ৰীড়া সংগঠকো ।

গৃহভূমি মাজুলী উপস্থিত অসম গৌৰৱ বিতুপন দলে

তেওঁ খেলৰ মাধ্যমেৰে এখন সুন্দৰ সমাজ গঢ়াৰ যি প্ৰয়াস তাৰ স্বীকৃতিৰ চিনস্বৰূপে Indian Books of Record এ Lead Indian Award ৰ সন্মানেৰে সন্মানিত কৰা হয় ৷ লগতে তেওঁ সাহিত্য,সমাজ ,সংষ্কৃতি ক্ষেত্ৰ খনলৈ আগবঢ়োবা অনবদ্য অৱদানৰ বাবে 'সাহিত্য, সমাজ, সংষ্কৃতি মঞ্চ -অসম'ৰ তৰফৰ পৰা যোৱা ৬ ছেপ্তেম্বৰৰ দিনা গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সম্বৰ্ধনা সভাত "অসম গৌৰৱ -২০২১"শীৰ্ষক বটাৰে সন্মান জনোৱা হয় ।
শুকুৰবাৰে মাজুলীৰ স্ব-গৃহলৈ যোৱা বিতোপন দলেক তেওঁৰ শুভাকাংক্ষী সকলে অফলামুখ পাৰঘাটত উষ্ম আদৰণি জনায় । অফলামুখ ঘাটৰ পৰা তেওঁক অনুৰাগী সকলে এক বিশাল বাইক ৰেলীৰে তেওঁৰ নিজা বাসগৃহলৈ লৈ যায় । সমগ্ৰ ওভতনি যাত্ৰাৰ পথচোৱাত তেওঁৰ অগণন গুণমুগ্ধ আৰু সমৰ্থকে জনালে উষ্ম আদৰণি তথা সন্মান ৷

লগতে পঢ়ক : অসম চুক্তি আৰু APSC কেলেংকাৰীৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ বিপ্লৱ কুমাৰ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.