যোৰহাট-মাজুলী সংযোগী দলঙৰ নামত চলিছে নেকি নিকৃষ্ট ৰাজনীতি ?

author img

By

Published : Sep 21, 2021, 8:47 PM IST

allegation-of-politics-in-the-name-of-bridge-connecting-jorhat-majuli

যোৰহাট -মাজুলী দলঙৰ নামত নিকৃষ্ট ৰাজনীতি চলিছে নেকি ? ৯২৫ কোটি টকাৰ দলং নামত মাজুলীবাসীক আভূৱা ভাৰিছে নেকি চৰকাৰে ? কোনে কৰিলে এই অভিযোগ সবিশেষ আমাৰ এই বিশেষ প্ৰতিবেদনত ৷

মাজুলী, 21 ছেপ্টেম্বৰ : মাজুলী-যোৰহাট সংযোগী দলঙক লৈ নিকৃষ্ট ৰাজনীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে মাজুলী জিলা বিজেপিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বৰ্তমান মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তই । মহন্তই কয় যে, ৯২৫ কোটি টকা এনে দলং নিৰ্মাণ কৰাৰ বাবে নিচেই নগন্য টকা । মাজুলীৰ লগত চূড়ান্ত ৰাজনীতি হোৱা বুলি মত প্ৰকাশ কৰি তেওঁ কয়, এনেকুৱা ৰাজনীতি কৰিবলৈ মাজুলীলৈ কোনো যাব নালাগে ।

যোৰহাট-মাজুলী সংযোগী দলঙৰ নামত চলিছে নেকি নিকৃষ্ট ৰাজনীতি ?

ফেৰী দুৰ্ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় , জলপৰিবহন বিভাগৰ গাফিলতিৰ বাবে হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে । মাজুলীক লৈ নিকৃষ্ট ৰাজনীতি কৰা সকল জহান্নামে যাওক বুলিও ক’লে তেওঁ । ব্যক্তিগত নাও চলাই ৰ'পেক্স বন্ধ কৰি ৰখা সকলকো ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ দি গৰিহনা দিয়ে জিলা সত্ৰ মহাসভাৰ সম্পাদক গৰাকীয়ে ।

ইয়াৰোপৰি, ব্যক্তিগত সৰু ফেৰী চলাবলৈ ডাঙৰ ফেৰী বন্ধ কৰি ৰাখি দুৰ্ঘটনা সংঘটিত কৰাৰ লগত জড়িত সকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰো আহ্বান জনালে তেওঁঁ ।

আনহাতে, দেওবাৰে বিয়লি মাজুলী নতুন কমলাবাৰী সত্ৰৰ সত্ৰ মহাসভাৰ কাৰ্যালয়ত এখনি জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাপতি হৰিদেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শেহতীয়াকৈ ফেৰী দুৰ্ঘটনাত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বহুকেইটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰে তেওঁ । ইয়াৰোপৰি, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ ভুলৰ বাবেই এনে বেদনাদায়ক ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰি দলং নিৰ্মাণত সত্ৰাধিকাৰ সকলে বিৰোধত কৰা নাই বুলিও মন্তব্য কৰে তেওঁ ।

লগতে পঢ়ক : মাটিৰ দালালে ক’লে, হাতজোৰ কৰি কৈছো মই একো নাজানো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.