মাজুলী কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Sep 13, 2022, 11:19 AM IST

Corruption in Majuli Agriculture Department

মাজুলীৰ কৃষি বিভাগত ইটোৰ পাছত সিটো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Corruption in Majuli Agriculture Department) । মাজুলীৰ কৃষি বিভাগে ২০১৮-১৯ বৰ্ষত কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা Permanent Green House আৰু Small Nursery ৰ নামত এইবাৰ সংঘটিত হৈছে দুৰ্নীতি ।

মাজুলী, ৯ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে (CM Himanta Biswa Sarma zero tolerance in corruption) । আনহাতে, ৰাজ্য চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগক এই ক্ষেত্ৰত কঠোৰ হোৱাৰো আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে । কিন্তু তাৰ মাজতো বিভিন্ন বিভাগত এতিয়াও দুৰ্নীতি চলিয়েই আছে ।

দুৰ্নীতিত লিপ্ত একাংশ বিষয়া-কৰ্মচাৰী হাতে-লোটে ধৰা পৰি ৰঙাঘৰৰ আলহীও হ'বলগা হৈছে (corruption in Assam Govt departments) । সেয়ে কাৰ্যত ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত যি কঠোৰ দৃষ্টিভংগী সেয়া যে অসাৰ প্ৰতিপন্ন হৈছে তাৰ প্ৰমাণ মাজুলীৰ কৃষি বিভাগ ।

মাজুলীৰ কৃষি বিভাগত ইটোৰ পাছত সিটো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Corruption in Majuli Agriculture Department) । মাজুলীৰ কৃষি বিভাগে ২০১৮-১৯ বৰ্ষত কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ তৰফৰ পৰা প্ৰদান কৰা Permanent Green House আৰু Small Nursery-ৰ নামত এইবাৰ সংঘটিত হৈছে দুৰ্নীতি ।

উল্লেখ্য যে, ETV Bharat-এ ইয়াৰ পূৰ্বে পোহৰলৈ আনিছিল কৃষি বিভাগৰ ক্ষুদ্ৰ বিক্ৰী কেন্দ্ৰ হিতাধিকাৰীয়ে ভাড়াত দিয়াৰ এক ঘটনা ।

মাজুলী কৃষি বিভাগত দুৰ্নীতিৰ অভিযোগ

এইবাৰ জেংৰাইমুখত একেটা পৰিয়ালৰ দুই ভাতৃয়ে লাভ কৰা এক আঁচনিক লৈ প্ৰশ্ন উঠিছে দুৰ্নীতিৰ । ললিত চন্দ্ৰ দলে আৰু পবিত্ৰ দলে নামৰ দুই ককাই-ভায়ে লাভ কৰিছিল ১০ লাখ টকাৰ দুখন আঁচনি । কিন্তু আঁচনি দুখন বৰ্তমান পৰিণত হৈছে এৰাবাৰীত । হাস্যকৰ বিষয় এয়ে যে, জিলা কৃষি বিষয়াই নাজানে কেনেদৰে চলিছে এই আঁচনি দুখন । বৰ্তমানৰ জিলা কৃষি বিষয়া ইচাদ আলী আঁচনি দুখন ৰূপায়ণৰ সময়ত ADO হিচাপে কৰ্মৰত আছিল ।

কৃষি বিষয়াগৰাকীয়ে জনোৱা মতে, PERMANENT GREEN HOUSE-ত চলিব লাগিছিল আবতৰীয়া শাক-পাচলি উৎপাদনৰ লগতে ন ন পদ্ধতিৰে কৃষিকৰ্ম । লগতে ক্ষুদ্ৰ নাৰ্ছাৰীখনৰ পৰা ফলমূলৰ পুলিৰ লগতে ওচৰৰ কৃষকসকল উপকৃত হোৱাকৈ নতুন বীজৰ যোগান ধৰিব লাগিছিল । কিন্তু এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে । আঁচনি দুখন ৰূপায়ণ কৰা ঠাইখিনি এতিয়া এৰাবাৰীত পৰিণত হৈছে ।

সেয়ে প্ৰশ্ন উঠিছে, একেটা পৰিয়ালৰ দুজন লোকে কেনেদৰে লাভ কৰিলে এই বৃহৎ ধনৰাশিৰ দুখন আঁচনি । ইয়াৰ ফলত উপেক্ষিত হৈছে নেকি মাজুলীৰ প্ৰকৃত কৃষকসকল ? ইফালে কৃষি বিভাগৰ চৰকাৰী বীজ যোগানতো ব্যাপক অনিয়মৰ অভিযোগ উঠিছে বিভাগৰ একাংশ কৃষি সম্প্রসাৰণ বিষয়াৰ বিৰুদ্ধে । সমগ্ৰ ঘটনাটোৰ তদন্ত দাবী জনাইছে মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মাই ।

লগতে পঢ়ক :তেজপুৰত ড্ৰোণযোগে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব সাৰ আৰু কীটনাশক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.