মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন অখিল গগৈ

author img

By

Published : Oct 4, 2021, 1:54 PM IST

Akhil Gogoi visits construction site of Majuli Jorhat bridge

উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে মাজুলীত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ সোমবাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে অখিল গগৈয়ে ৷ মাজুলীবাসীৰ সপোনক লৈ বিজেপি শাসিত চৰকাৰে ৰাজনীতি কৰাৰ সন্দেহ অখিল গগৈৰ ৷

মাজুলী, 4 অক্টোবৰ : ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সোমবাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে । অখিল গগৈয়ে আগন্তুক উপ নিৰ্বাচনৰ প্ৰসংগৰে দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় ৷ তেওঁ আজি মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি দলঙৰ নিৰ্মাণৰ কামৰ লগত জড়িত কৰ্মচাৰীৰে দলংখনৰ সন্দৰ্ভত মত বিনিময় কৰে ।

ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ কয় যে, মাজুলী অসমীয়া জাতিৰ এটা আত্মা আৰু সেয়েহে মাজুলীবাসীৰ সুখ দুখৰ লগত প্ৰতিজন অসমীয়াৰ সুখ দুখ জড়িত হৈ থাকে । যুগ যুগ ধৰি মাজুলীবাসীয়ে এখন দলঙৰ দাবী কৰি আহিছে । ২০১৪ চনতেই পৰা দলং নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন হ'ল; কিন্তু আজি পৰ্যন্ত দলঙৰ কাম কিমান দূৰ আগবাঢ়িল, তাৰ বুজ ল’বলৈকে দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিবলৈ আহিছে বুলি কয় ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।

মাজুলী যোৰহাট সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন অখিল গগৈ

আনহাতে দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে কয় যে, দলঙখনক লৈ তেওঁ যি খবৰ পালে, সেইয়া সুখকৰ নহয় । এই পৰ্যন্ত দলঙৰ নিৰ্মাণৰ লগত জড়িত থকা কোম্পানীৰ হাতত DPR আহি পোৱাহি নাই আৰু DPR নোহোৱাকৈ কোনোও কামৰ আৰম্ভণি কৰিব নোৱাৰে । প্ৰথমতে DPR, তাৰ পিছত ডিজাইন আৰু তাৰ পাছতহে যিকোনো কামৰ আৰম্ভণি হয় ।

তেওঁ আৰু কয় যে, দলঙৰ কাম আৰম্ভণি হোৱাৰ আগতেই দলঙৰ নিৰ্মাণৰ সামগ্ৰী আনিবৰ বাবে বাট পথৰ কাম হ’ব লাগিব ৷ যিহেতু আজি পৰ্যন্ত বাট পথৰ কামেই আৰম্ভ হোৱা নাই ৷ গতিকে দলঙৰ কামৰ একো আৰম্ভণি হোৱা নাই বুলি কয় বিধায়ক অখিল গগৈয়ে ৷

ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে লগতে কয় যে, আগতে এই দলঙখনৰ কাম উত্তৰ প্ৰদেশৰ এটা কোম্পানীয়ে কৰিব বুলি শুনি আহিছিল; কিন্ত ইয়াত আহি গম পাই যে ব্ৰদীনাথ ৰয় নামৰ দুলীয়াজানৰ এটা কোম্পানীয়েহে এই দলঙৰ কাম কৰিব ৷ তেওঁ চৰকাৰক মাজুলীবাসীৰ সপোনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ৷

লগতে পঢ়ক : অৱশেষত কংগ্ৰেছৰ পৰা নিলম্বন শ্বেৰমানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.