Poor transportation and electricity systems: লখিমপুৰ চহৰৰ গাতে লাগি থকা উন্নয়নৰ মুখ নেদেখা এখন গাঁও

author img

By

Published : Jan 25, 2023, 10:20 AM IST

Dangerous electrical connection in Lakhimpur

স্বাধীনতাৰ 75 বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও ৷ গাঁওখন হৈছে লখিমপুৰ জিলাৰ চাপৰি গাঁও ৷ যাতায়তৰ বাবে থাকিব লগা সুচল বাট-পথৰ লগতে বৈদ্যুতিক সংযোগৰ স্থায়ী খুঁটাৰ অভাৱ আদি সমস্যাৰে ভাৰাক্ৰান্ত গাঁওবাসী ৷

সুচল বাট বৈদ্যুতিক সংযোগৰ বাবে দাবী স্থানীয় ৰাইজৰ

লখিমপুৰ, ২৪ জানুৱাৰী : ৰাজ্যৰ চৌদিশে বাজিছে উন্নয়নৰ ঢোল । ৰাজ্য চৰকাৰখনে প্ৰতিটো মুহুৰ্ততে দাবী কৰিছে ৰাজ্যত উন্নতি ক্ষীপ্ৰ গতিত হৈছে বুলি ৷ পিছে প্ৰকৃতাৰ্থত ৰাজ্য চৰকাৰখনে জাহিৰ কৰাৰ দৰে উন্নয়ন হৈছে নে ৰাজ্যত ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তকে সামৰিব পাৰিছে নে উন্নয়নে ?

দুৰ্ভাগ্যজনক বিষয় যে, ৰাজ্য চৰকাৰখনে জাহিৰ কৰাৰ দৰে উন্নয়ন হোৱা নাই ৰাজ্যখনত ৷ আনকি বহু সময়ত ৰাজ্য চৰকাৰখনৰ দায়িত্বজ্ঞানহীনতা তথা নিৰ্লিপ্ত ভূমিকাৰ বাবে বিপদসংকুলতাৰে জীৱন জীয়াবলগীয়া হৈছে বহুতেই ৷ লখিমপুৰ পৌৰ সভাৰ এলেকাতে আছে এনে বহু জনবসতিপূৰ্ণ এলেকা য’ত ৰাইজে বাস কৰি আহিছে অনিশ্চয়তাৰ মাজেৰে (No development in Lakhimpur)৷

Dangerous electrical connection in Lakhimpur
বৈদ্যুতিক সংযোগৰ বাবে দাবী স্থানীয় ৰাইজৰ

আজিৰ একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ জয়জয়কাৰ দিনটো বাহৰ খুঁটাৰে বিজুলী সংযোগ কৰি অঞ্চলটোত প্রদান কৰা হৈছে বিজুলী সেৱা ৷ কেৱল এয়াই নহয়, লখিমপুৰ নগৰৰ ১২ নং ৱাৰ্ডৰ চাপৰি গাঁৱত বাৰিষা কালত যাতায়তৰ ক্ষেত্ৰত ৰাইজে ভুগিবলগীয়া হয় দুৰ্ভোগ ৷ চাপৰি গাঁও এলেকাৰ বিদ্যা নগৰ সংযোগী একমাত্র পথটো বছৰৰ পাচত বছৰ অতিবাহিত হোৱাৰ পাছতো মেৰামতি নকৰাৰ ফলত পথটোৱে ধাৰণ কৰিছে জৰাজীৰ্ণ ৰূপ (Roads in Lakhimpur are in poor condition) ।

বাৰিযা দিনত একাঠুঁ পানীৰে ভৰি পৰে চাপৰি গাঁও এলেকাৰ বিদ্যা নগৰ সংযোগী একমাত্র পথটো ৷ যাৰ ফলত ব্যাহত হৈ পৰে স্বাভাৱিক জন জীৱন ৷ শিক্ষাৰ্থীসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰি বিদ্যালয়লৈ যাবলগীয়াত পৰে বুলি উল্লেখ কৰে ভুক্তভোগী ৰাইজে ৷ এক কথাত ক’বলৈ গ’লে, অৰ্ধ শতাধিক পৰিয়ালে বাস কৰা এই এলেকা'টোত উল্লয়নৰ ক্ষেত্ৰত পুতৌ লগা অৱস্থা (Dangerous electricity connections in Lakhimpur)৷

আনকি বিদ্যুৎ বিভাগেও বিদ্যুৎ সৰবৰাহৰ ক্ষেত্রতো মুঠেও গুৰুত্ব প্ৰদান কৰা নাই । বাঁহৰ খুঁটাতে বিদ্যুতৰ তাৰ বান্ধি অতি বিপদ সংকূলভাৱে বিজুলী সংযোগ প্রদান কৰা হৈছে এলেকাটোত ৷ বাঁহৰ দুৰ্বল খুঁটা ভাগি বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে চাপৰি গাঁওবাসী ।

খোদ নগৰৰ গাতে লাগি থকা অঞ্চলটোৰ এনে দুৰ্দশাৰ কাৰণ কেৱল পৌৰসভা অথবা জন প্ৰতিনিধিৰ অৱহেলা বুলি ক্ষোভিত ৰাইজে উল্লেখ কৰে ৷ ৰাইজে তৎকালীনভাৱে অঞ্চলটোৰ যাতায়াতৰ লগতে বিদ্যুৎ ব্যৱস্থা সুচল কৰি দিবলৈ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : Man Showers note : বেংগালুৰুত 10 টকীয়া নোটৰ বৰষুণ, নোট বুটলিবলৈ লাগিল হেতাওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.