লাচিত সেনাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ মেডিকেল কলেজ

author img

By

Published : Sep 22, 2022, 2:22 PM IST

Veer Lachit Sena protest at Lakhimpur

ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । আনহাতে, তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিত ধনৰ লেনদেনৰো গুৰুতৰ অভিযোগ উঠিছে । ইয়াৰ প্ৰতিবাদত লখিমপুৰত বীৰ লাচিত সেনাৰ মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্রী আৰু বিধায়ক মানৱ ডেকাৰ পুত্তলিকা দাহ ।

লখিমপুৰ, ২২ছেপ্টেম্বৰ:শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উঠিছে (Recruitment scam in Assam)। জলসম্পদ,জলসিঞ্চন, তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি লগতে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে এই কেলেংকাৰীক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

অন্ত পৰা নাই লখিমপুৰ মেডিকেল কলেজৰ (LMCH appointment scam) নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদৰ । নিযুক্তি প্ৰসংগত প্ৰতিদিনেই বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বৃহস্পতিবাৰেও বীৰ লাচিত সেনাই কলেজখনৰ প্ৰবেশ দ্বাৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বীৰ লাচিত সেনাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ মেডিকেল কলেজ

বীৰ লাচিত সেনাৰ (Veer Lachit Sena protest at Lakhimpur) প্ৰতিবাদত পুনৰ উত্তাল হৈছে লখিমপুৰ মেডিকেল কলেজৰ (protest in Lakhimpur Medical College) চৌহদ। লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমানে বৃহস্পতিবাৰে বীৰ লাচিত সেনাই মুখ্যমন্ত্রী, স্বাস্থ্য মন্ত্রী আৰু বিধায়ক মানৱ ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা,স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক মানৱ ডেকাৰ পুত্তলিকা দাহ কৰি বীৰ লাচিত সেনাই কলেজখনৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবী জনায় । মুখ্যমন্ত্রী, বিধায়কে কলেজখনত স্থানীয় যুৱক-যুৱতীক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিও পুৰণ নকৰাৰ উপৰি নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী কৰাৰ অভিযোগ তুলি বীৰ লাচিত সেনাই এই প্ৰতিবাদ সাব্যস্ত কৰে । এই নিযুক্তিক লৈ স্বচ্ছ প্ৰক্ৰিয়া গ্ৰহণ নকৰিলে অনাগত দিনত বীৰ লাচিত সেনাই তীব্র প্রতিবাদ সাব্যস্ত কৰি যাব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক:দুৰ্গা পূজাৰ পাছতে আছুসহ 30 সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.