1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 25, 2022, 1:05 PM IST

Updated : Sep 25, 2022, 1:58 PM IST

top-10-at-1pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

একত্ৰিত হোৱাৰ দিশে বিৰোধী শক্তি: ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নীতিশ কুমাৰ-লালু প্ৰসাদ যাদৱে

লালু প্ৰসাদ যাদৱ আৰু নীতিশ কুমাৰে সাক্ষাৎ কৰিব কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক (Lalu and Nitish kumat to meet Sonia Gandhi)। সন্ধিয়া ৬ বজাত ১০ জনপথত তিনিওগৰাকী ৰাজনীতিবিদ মিলিত হ'ব । বিৰোধী শক্তি একত্ৰিত কৰাৰ উদ্দেশ্যে হ'ব আলোচনা । ইয়াৰ পূৰ্বে নীতিশ কুমাৰে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীক ।

UNSCৰ প্ৰয়োজনীয় সংস্কাৰক বাধা দিয়াটো উচিত নহয়: এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে UNSCত প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত আলোচনাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে (Jaishankar at UNSC)। তেওঁ কয় যে ইয়াৰ বিৰোধিতা কৰা সদস্যসকলে চিৰদিনৰ বাবে ইয়াক বন্ধ কৰি ৰাখিব নোৱাৰে ।

অৰুণাচলৰ টিপ্পিত ভূমিস্খলন

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ভালুকপুং টিপ্পিত ভয়ংকৰ ভূমিস্খলন ৷ কামেং নদীত উটি গ’ল কেইবাখনো বাহন (Landslide in Arunachal Pradesh)

কাজিৰঙাত যোগাসন ৰাজ্যৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ

কাজিৰঙাত আয়োজিত চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত গুৰু ৰবি শংকৰ (Guru Ravi Shankar at Chintan Shivir)। মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াৰ সৈতে বাৰ্তালাপ কৰিব গুৰু ৰবি শংকৰে । যোগ শিবিৰত অসমৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ অংশগ্ৰহণ ।

শুভ মহালয়া; তেজপুৰত মা দুৰ্গাক আদৰণি

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো উলহে মালহে পালন কৰা হৈছে মহালয়া (Mahalaya celebrated in Tezpur) ৷ তেজপুৰ লাচিত স্বক আম বাগানৰ একাংশ ছাত্ৰীয়ে মহালয়া উপলক্ষে নৃত্য-গীতৰ জৰিয়তে দেৱীক আৰাধনা কৰে ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ খহিল টানেল

ৰুষ্ট প্ৰকৃতিৰ ৰোষত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ পাহাৰৰ মাটি খহি ভাগি পৰিল পাৱাৰ হাউছৰ গাৰ্ড ৱাল (Tunnel collapses at Namoni Subansiri hydropower project site) ৷

উৎখাত বৃহৎ জুৱাৰ ঘাটি: হোজাইত জুৱাৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ পাঁচ জুৱাৰী

হোজাই জিলা লংকা দুই নং ৰে’ল গেটৰ ওচৰৰ মাষ্টাৰ কলনীত শনিবাৰে নিশা আৰক্ষীয়ে অসামাজিক কাৰ্যকলাৰ বিৰুদ্ধে অভিযান চলায়(Gambling in Hojai)। এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত লংকা আৰক্ষীয়ে উৎখাত কৰে এটা বৃহৎ জুৱাৰ ঘাটি (Gamblers arrested in Hojai)।

তেজপুৰৰ ৰামকৃষ্ণ মিছনৰ মহালয়া বিশেষ কাৰ্যসূচী

আজি মহালয়া (Mahalaya 2022) ৷ ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় ৷ এই বিশেষ দিনটোত দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে দেৱী মাৰ ভক্তসকলে । তেজপুৰ ৰামকৃষ্ণ মিছনৰ কাৰ্যকর্তাসকলেও পদুম পুখুৰীৰ পাৰৰ ৰামকৃষ্ণ সেৱা আশ্ৰমত মহালয়া উপলক্ষে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে (People celebrates Mahalaya at Tezpur)।

নলবাৰী পৌৰসভাৰ পাৰিষদৰ বিৰুদ্ধে পত্নীয়ে ৰুজু কৰিলে গোচৰ

নলবাৰী পৌৰসভাখনৰ ৮ নং ৱাৰ্ডৰ পাৰিষদৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু ৷ পাৰিষদগৰাকীৰ পত্নীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগত তৰিলে এই গোচৰ(Wife files case against Nalbari municipality Councillor) । অন্য যুৱতীৰে অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত পত্নীৰ হাতত হাতে-লোটে ধৰা পৰে নলবাৰীৰ পৌৰসভাৰ পাৰিষদগৰাকী ৷

আছুৰ দখলত সোণাৰি কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভা

শনিবাৰে সোণাৰি কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায় (Sonari Commerce College Students Union Election held) । ছাত্ৰ একতা সভাৰ ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত আছুৰ বৃহৎ জয় লাভ । সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয় লাভ ।

Last Updated :Sep 25, 2022, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.