Skeletons recovered at Bihpuria: মাছ ধৰিবলৈ যাওঁতেই পুখুৰীৰ পৰা উদ্ধাৰ নৰ কংকাল

author img

By

Published : Jan 20, 2023, 1:17 PM IST

Updated : Jan 20, 2023, 1:28 PM IST

Skeletons recovered at Bihpuria

বিহপুৰীয়াৰ ভোগদৈগুৰিত উদ্ধাৰ হৈছে এটা নৰ কংকাল (Skeletons recovered from a pond at Bihpuria)৷ অৱশ্যে প্ৰথমাৱস্থাত উদ্ধাৰ হৈছিল নৰ কংকালটোৰ লাওখোলা ৷ উদ্ধাৰ হোৱা এই নৰ কংকালটো 8 জুলাই 2022 ৰ পৰা নিৰুদ্দেশ হৈ থকা চিত্তৰঞ্জনৰ বুলি সন্দেহ চিত্ৰৰ পৰিয়ালে ৷ উক্ত ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিছে চিত্ৰৰ পৰিয়ালে ৷

বিহপুৰীয়াৰ ভোগদৈগুৰিত উদ্ধাৰ এটা নৰ কংকাল

বিহপুৰীয়া, 20 জানুৱাৰী : বৃহস্পতিবাৰে বিয়লি বিহপুৰীয়া আৰক্ষী থানা অন্তৰ্গত পূৱ ডিক্ৰং গাঁও পঞ্চায়তৰ ভোগদৈগুৰিৰ এটি পুখুৰীত উদ্ধাৰ হৈছে এটা লাওখোলা ৷ গাঁওখনৰ প্ৰদীপ চুৰি নামৰ ব্যক্তিজনৰ পুখুৰীৰ পৰা উদ্ধাৰ হৈছে এই লাওখোলাটো (Skeletons recovered from a pond at Bihpuria)৷ মাছ ধৰিবলৈ পানী সিচোঁতেই উদ্ধাৰ হয় এই লাওখোলাটো ।

লাওখোলাটো উদ্ধাৰ হোৱাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ উদ্ধাৰ হোৱা এই লাওখোলাটো বিহপুৰীয়াৰ চৌদ্ধপুনীয়াৰ প্ৰফুল্ল দত্ত আৰু মৌচুমী হাজৰিকা দত্তৰ দ্বিতীয় পুত্ৰ চিত্তৰঞ্জন দত্তৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, বিগত 8 জুলাইত বৰযাত্ৰী হৈ বিয়া খাবলৈ গৈছিল চিত্তৰঞ্জন দত্ত ৷ কিন্তু সেই গ’ল, যি গ’লেই ৷ ঘৰলৈ আৰু দুনাই ঘৰলৈ উভতি নাহিল চিত্তৰঞ্জন দত্ত ৷ 2022 চনৰ 8 জুলাইত এখন বিয়া খাবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল চিত্তৰঞ্জন ৷ আনকি আৰক্ষীৰ ফালৰ পৰাও কোনো শুংসূত্ৰ বিচাৰি উলিয়াব পৰা নাছিল ।

চিত্তৰ সন্ধানত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা চিত্তৰ একমাত্ৰ ককায়েক হৃদয়েও এটি পথ দুৰ্ঘটনাত 2022 ৰ 27 ছেপ্টেম্বৰত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল । ইয়াৰ পিচৰে পৰাই ক্ৰমশ দিক বিদিক হেৰুৱাই পেলাইছিল চিত্ৰৰ পৰিয়ালে । কিন্তু বৃহস্পতিবাৰে বিয়লি এই লাওখোলা উদ্ধাৰ হোৱা খবৰ পোৱাৰ পিচতেই উক্ত স্থানত চিত্ৰৰ পৰিয়ালৰ লোকৰ লগতে উপস্থিত হয় অঞ্চলটোৰ বহু ৰাইজ ৷

আনকি উক্ত পুখুৰীটোত আৰক্ষীয়েও অনুসন্ধান আৰম্ভ কৰে ৷ আজি দ্বিতীয় দিনাও পুৱাৰে পৰা আৰক্ষীয়ে চলাই অভিযান ৷ জানিব পৰা মতে, ইতিমধ্যে উক্ত পুখুৰীটোৰ পৰা মানৱ শৰীৰৰ আন আন অংগৰ লগতে এযোৰ জোতা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

ইফালে পৰিয়ালৰ লোকে এই নৰ কংকালটো আৰু জোতাযোৰ চিত্তৰে বুলি দাবী কৰি ফৰেঞ্চিক টেষ্টৰ বাবে প্ৰেৰণ কৰিবলৈ দাবী জনাইছে । ইয়াৰোপৰি পৰিয়ালৰ লোকে চিত্তক পৰিকল্পিতভাৱে হত্যা কৰি এই পুখুৰীটোত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ সেয়ে উক্ত ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে চিত্ৰৰ পৰিয়ালে ।

ইপিনে চিত্ত নিৰুদ্দেশ হোৱা পিছদিনাই বিবাহস্থলীৰ ওচৰৰ চাৰিটাকৈ পুখুৰীত আৰক্ষীয়ে SDRF ৰ সহায়ত অভিযান চলাইছিল ৷ কিন্তু বিবাহস্থলীৰ পিছফালৰ এই পুখুৰীটোত অভিযান কিয় নচলালে বুলিও চিত্তৰ পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপন কৰিছে ৷

তদুপৰি আৰক্ষীৰ অভিযানত গাফিলতি থকাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোকে আৰক্ষীক তীব্ৰ ভাষাৰে ককৰ্থনা কৰি পৰিৱেশ উত্তাল কৰি তোলে । লক্ষণীয়ভাৱে আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

আনহাতে, বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে পুৱাৰ পৰাই ভোগদৈগুৰিৰ প্ৰদীপ চুৰিয়ে তেওঁৰ নিজা পুখুৰীত মাছ ধৰিবৰ বাবে মেচিন লগাই পানী সিঁচি আছিল ৷ দিনটো পানী সিঁচাৰ অন্তত বিয়লি প্ৰায় তিনি বজাত পুখুৰীত নামি মেটেকাৰ কিছু অংশ পাৰলৈ উঠায় ৷

তেনেতে ভৰিত নাৰিকলৰ দৰে এটা সামগ্ৰী লগাত পানীৰ তলৰ পৰা বস্তুবিধ উঠাওতেই মেটেকাৰ সহিতে লাওখোলাটো ওলাই পৰে (Skeletons recovered at Bihpuria) ৷ ভয়ত বিতত হৈ প্ৰদীপে উক্ত ঘটনা সন্দৰ্ভত লগে লগে ওচৰ চুবুৰীয়াক অৱগত কৰে ৷ তাৰ পাচতেই লাওখোলাটো চাবলৈ উক্ত স্থানত বহু ৰাইজে ভীৰ কৰে ৷

আনকি ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীকো ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : Man arrested for sexual assault: বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ গৈ ৰাইজৰ কিল খালে শ্ৰীমন্তই

Last Updated :Jan 20, 2023, 1:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.