নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী ৰাইজৰ দলৰ

author img

By

Published : Sep 30, 2022, 4:00 PM IST

Raijor Dal

দল-সংগঠনৰ প্ৰতিবাদৰ মাজতো নামনি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে (Subansiri lower dam contruction)। এই প্ৰকল্প ভাঙি দিবলৈ দাবী জনালে ৰাইজৰ দলৰ নেত্ৰী ড° জ্ঞানশ্ৰী বৰাই । লগতে অৰুণাচলত নিৰ্মাণ কৰি থকা সৰু-বৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰভাৱৰ অধ্যয়ন সম্পূৰ্ণ নোহোৱালৈ বন্ধ কৰি দিবলৈ দাবী জনায় ।

বিহপুৰীয়া,৩০ ছেপ্টেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে (Protest against Subansiri lower dam)। তাৰ মাজতে এইবাৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল ৰাইজৰ দল । ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বিৰোধিতাৰে ৰাইজৰ দলৰ মুখপাত্ৰ ড° জ্ঞানশ্ৰী বৰাই সংবাদমেলযোগে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে (Gyanashree Bora slams BJP govt)।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাৱত ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে এই সংবাদমেল সম্বোধন কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত বিগত সময়ত ৰাজ্যৰ উত্তৰপৰীয়া ৰাইজে প্ৰকল্পটোৰ বিৰোধিতাৰে বহু প্ৰতিবাদ আন্দোলন কৰাৰ পিছতো ৰাইজৰ প্ৰতিবাদক ভ্ৰূক্ষেপ নকৰি তেতিয়াৰ কংগ্ৰেছ চৰকাৰে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ।

নেত্ৰীগৰাকীয়ে কয় যে, তেতিয়াৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহি ৰাজহুৱা সভাত বিজেপি চৰকাৰ শাসনলৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী ৰাইজৰ দলৰ

সেই ভুৱা প্ৰতিশ্ৰুতিৰে বিজেপি ক্ষমতালৈ আহিছিল । কিন্তু ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ জনমতক এক প্ৰকাৰে ধূলিস্যাৎ কৰি বিজেপি চৰকাৰে গোপনে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলায় গৈছে বুলি অভিযোগ কৰে নেত্ৰীগৰাকীয়ে (BJP cheated people of Assam)। ইতিমধ্যে প্ৰকল্পটোৱে যি বিধ্বংসী ৰূপ ধাৰণ কৰিছে তেনে অৱস্থাত প্ৰকল্পটো যদি কাৰ্যক্ষম হৈ উঠে তেন্তে অসমৰ উত্তৰপৰীয়া ৰাইজৰ ভৱিষ্যত অন্ধকাৰ বুলিও দাবী কৰে ড° জ্ঞানশ্ৰী বৰাই ।

ৰাইজৰ দলৰ নেত্ৰীগৰাকীয়ে চৰকাৰক অসমৰ ৰাইজৰ স্বাৰ্থত প্ৰকল্পটো ভাঙি দিবলৈ দাবী জনোৱাৰ (Raijor Dal demands demolition of NHPC dam) লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিব খোজা সৰু-বৰ সকলো নদী বান্ধৰ সামূহিক প্ৰভাৱ অধ্যয়ন নকৰা পৰ্যন্ত বন্ধ কৰিবলৈও আহ্বান জনায় ।

লগতে পঢ়ক :ডিব্ৰুগড়ত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.