AASU protest against SEBA: ফাঁচিকাঠত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি ওলমাই প্ৰতিবাদ

author img

By

Published : Mar 14, 2023, 5:50 PM IST

Protest against question paper leak in Lakhimpur

ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা SEBA তথা ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ সমগ্ৰ ৰাজ্য । বিভিন্ন দল-সংগঠনে চৰকাৰ, শিক্ষা বিভাগ তথা ছেবাক গৰিহণা দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । লখিমপুৰতো একাধিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে (Protest against question paper leak) ।

ফাঁচিকাঠত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি ওলমাই প্ৰতিবাদ

লখিমপুৰ,১৪ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাক লৈ আজিও প্ৰতিবাদত উত্তাল সমগ্র ৰাজ্য (SEBA question paper leak case) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো অব্যাহত ছেবা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ (Protest against SEBA for paper leakage issue) । বিভিন্ন সংগঠনে গ্রহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত মঙলবাৰেও উত্তাল হৈ পৰে লখিমপুৰ ।

বিভিন্ন সংগঠনে শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে লখিমপুৰতো কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে (Protest against question paper leak in Lakhimpur) । আম আদমি পাৰ্টিয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ, শিক্ষা বিভাগ, ছেবাক তীব্ৰ গৰিহণা দিয়ে । সমান্তৰালভাৱে লখিমপুৰ জিলা ছাত্র সন্থায়ো ব্যতিক্রমীভাৱে সাব্যস্ত কৰে প্ৰতিবাদ ।

জিলা ছাত্র সন্থাই ওলোমালে শিক্ষা মন্ত্ৰী, ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্রকৰ পুত্তলিকা । শ্বহীদ ভৱনৰ সমীপতে ছাত্র সন্থাই শিক্ষা মন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্রক নয়ন শৰ্মাৰ পুত্তলিকা ওলোমাই উত্তাল পৰিৱেশ সৃষ্টি কৰে । অসম চৰকাৰ হায় হায়, শিক্ষা বিভাগ হায় হায়, ৰণোজ পেগুৱে পদত্যাগ কৰক, ছাত্র ছাত্রীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি শিক্ষা মন্ত্ৰীৰ লগতে ছেবাৰ দুই বিষয়াৰ পুত্তলিকা ওলোমাই দিয়ে । পুত্তলিকা ওলোমাই ছাত্র সন্থাৰকৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীয়ে আহি পুত্তলিকাসমূহ নমাই লৈ যায় ।

উল্লেখযোগ্য যে, সোমবাৰে চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছিল । ইয়াৰ পিচতে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰি আহিছে তীব্ৰ প্ৰতিবাদ ৷ সমালোচনাৰে থকা-সৰকা কৰিছে ছেবাৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগক । সমগ্ৰ ঘটনাক লৈ ছেবাই CID ক দাখিল কৰিছিল এজাহাৰ । ইয়াৰ পাচতেই তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰি তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২ জনক আটক কৰে (22 detained in SEBA paper leak case) ।

লগতে পঢ়ক: AJYCP Protest at Jonai : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পদত্যাগৰ দাবী AJYCP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.