Protest by Veer Lachit Sena: দুজনকৈ আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ লখিমপুৰত

Protest by Veer Lachit Sena: দুজনকৈ আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ লখিমপুৰত
লখিমপুৰত বৃহস্পতিবাৰে সন্ধিয়া দুজনকৈ আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই (Protest by Veer Lachit Sena Assam in Lakhimpur) । গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাঁওতে তিনিচুকীয়াৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ সদস্যক মাৰপিট কৰি আটক কৰা কাৰ্য্যৰ বিৰোধীতাৰে দুই আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
লখিমপুৰ, 5 আগষ্ট: সাধাৰণতে ৰাজ্যত ৰাজনৈতিক নেতা অথবা শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধেহে নানান দল-সংগঠনে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ কিন্তু এইবাৰ কোনো ৰাজনৈতিক নেতা, মন্ত্ৰী অথবা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ নহয়। এইবাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ’ল লখিমপুৰ জিলাত (Protest Against Police officer in Lakhimpur)।
লখিমপুৰত দুজনকৈ আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰিলে বীৰ লাচিত সেনাৰ সদস্যসকলে (Protest by Veer Lachit Sena Assam in Lakhimpur)।
বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰ নগৰৰ গাৰ্লছ ৰোড চাৰিআলিত বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে দাহ কৰে তিনিচুকীয়া জিলাৰ দুই আৰক্ষী বিষয়া হেমন্ত বড়ো আৰু পৰাগজ্যোতি বৰগোহাইৰ পুত্তলিকা (Protest in Lakhimpur)। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ যাঁওতে তিনিচুকীয়াৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ সদস্যক মাৰপিট কৰি আটক কৰা কাৰ্য্যৰ বিৰুদ্ধে দুই আৰক্ষী বিষয়াৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ।
পুলিচৰ গুণ্ডাগিৰী নচলিব, অসম পুলিচ হুছিয়াৰ ইত্যাদি শ্লোগান দি আৰক্ষী বিষয়া দুগৰাকীৰ পুত্তলিকা দাহ কৰাৰ লগতে বীৰ লাচিত সেনাই ভৱিষ্যতে সংগঠনটোৰ ওপৰত এনেদৰে আতিশয্য চলোৱাটো বন্ধ কৰাৰ দাবী জনায় । অন্যথা জংগী আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে বীৰ লাচিত সেনাই ।
লগতে পঢ়ক: New Education System of Assam Govt: ডিব্ৰুগড়ত ৰাইজৰ দলৰ প্ৰতিবাদ
