নিযুক্তি কেলেংকাৰী: জহিং চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ স্থানীয় সাংসদ-বিধায়কৰ

author img

By

Published : Sep 21, 2022, 6:12 PM IST

Protest against Lakhimpur Medical College scam

লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলক লৈ লখিমপুৰত প্ৰতিবাদ অব্যাহত আছে(Protest against Lakhimpur Medical College scam)। এই ফলাফলত বিধায়ক,মন্ত্ৰীৰ অঙহী বঙহীয়ে সৰ্বাধিক বাচনিত উঠাৰ অভিযোগ তুলি বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । মঙলবাৰে বিয়লিও প্ৰতিবাদত উত্তাল হ'ল কয়লামাৰী চাহ বাগিচা । বাগিচাখনৰ একাংশ লোক ওলাই আহি এই নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

লখিমপুৰ ২০ ছেপ্টেম্বৰ: অন্ত পৰা নাই লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তিৰ প্ৰতিবাদ(Scam allegation against Lakhimpur medical college) । মহাবিদ্যালয়খনৰ নিযুক্তি সন্দৰ্ভত হোৱা কেলেংকাৰীয়ে সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শেহতীয়াকৈ স্থানীয় বিধায়ক-সাংসদ তথা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হ'ল কয়লামাৰী চাহ বাগিচাৰ স্থানীয় ৰাইজ(local people reaction against Lakhimpur medical college recruitment scam) ৷

নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীৰ প্ৰতিবাদ জনায় চাহ জনগোষ্ঠীটোৰ ৰাইজে জহিং চাহ বাগিচাত নিষিদ্ধ কৰিলে স্থানীয় বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱাৰ প্ৰৱেশ ৷ উল্লেখ্য যে, প্ৰতিদিনে বিভিন্ন সংগঠনে বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এই নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী জনাইছে বিভিন্ন দল-সংগঠনে ।

নিযুক্তি কেলেংকাৰী:জহিং চাহ বাগিচাত প্ৰৱেশ নিষিদ্ধ হ'ল স্থানীয় সাংসদ-বিধায়কৰ

মঙলবাৰেও একেই প্ৰতিবাদত উত্তাল হ'ল কয়লামাৰী চাহ বাগিচা(Protest against Lakhimpur Medical College scam) । লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তিৰ বিসংগতিক লৈ লখিমপুৰৰ জহিং চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চাহ জনগোষ্ঠীয় ৰাইজে । প্ৰতিবাদকাৰীৰ অভিযোগ, সদ্যঘোষিত অসম আৰক্ষী আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিযুক্তি পৰীক্ষাত চাহ জনগোষ্ঠী ৰাইজৰ ডেৰশ প্ৰাৰ্থী অৱৰ্তীণ হৈছিল যদিও এজনেও নিযুক্তি নাপালে ।

জনগোষ্ঠীটোৰ যুৱক যুৱতীসকলে নিযুক্তি লাভৰ ক্ষেত্ৰত বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে লখিমপুৰ জিলাৰ জহিং চাহ বাগিচাত চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জহিং চাহ বাগিচাৰ চাহ জনগোষ্ঠী ৰাইজে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে জহিং চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক: গুৱাহাটীত ১ কোটি ৩২ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.