Lakhimpur Medical College: ৰোগীৰ মৃত্যুক কেন্দ্র কৰি বিতর্কত লখিমপুৰ মেডিকেল কলেজ

author img

By

Published : Nov 23, 2022, 1:44 PM IST

Updated : Nov 23, 2022, 2:03 PM IST

Lakhimpur

পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ হস্পিটেল (Lakhimpur Medical College Hospital) । মঙলবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্র কৰি বিতৰ্কৰ মাজত সোমাই পৰে মেডিকেল কলেজখন । লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাৰ অভাৱত এজনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে (person allegedly died due to lack of treatment) ।

লখিমপুৰ, ২৩ নৱেম্বৰ : পুনৰ বিতৰ্কৰ আৱৰ্তত লখিমপুৰ মেডিকেল কলেজ হস্পিটেল (Lakhimpur Medical College Hospital) । মঙলবাৰে নিশা এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্র কৰি বিতৰ্কৰ মাজত সোমাই পৰে মেডিকেল কলেজখন । লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাৰ অভাৱত এজনৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে (person allegedly died due to lack of treatment) ।

উল্লেখ্য, ICU-ত ভৰ্তি কৰাৰ সময়ত হাস্পতালখনৰ নাৰ্ছে চাহ খাবলৈ ধন বিচৰাৰ অভিযোগ উঠিছে । কিন্তু চাহ খাবলৈ দাবী কৰা ধন নিদিয়াৰ বাবেই ভালদৰে চিকিৎসা নকৰাৰ বাবে ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে (Controversy of Lakhimpur Medical College) । আনহাতে, ৰোগীৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰো অভিযোগ কৰিছে পৰিয়ালৰ লোকে ।

ৰোগীৰ মৃত্যুক কেন্দ্র কৰি বিতর্কত লখিমপুৰ মেডিকেল কলেজ

অভিযোগ অনুযায়ী ৰোগীক ৰছীৰে বান্ধি চিকিৎসা কৰিছিল । এই অভিযোগ উত্থাপন কৰিছে হেম শইকীয়া নামৰ ৰোগীজনৰ পৰিয়ালে (Nurse demand money for treatment) । উল্লেখ্য, লখিমপুৰ নগৰ এলেকাৰ বিজয় নগৰৰ হেম শইকীয়াক উচ্চ ৰক্তচাপত আক্রান্ত হোৱাৰ বাবে মঙলবাৰে নিশা লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

কিন্তু হাস্পতালত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাছতে তেওঁৰ মৃত্যু হয় । ৰোগীজনৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকৰ অভিযোগ, নাৰ্ছক চাহ খাবলৈ টকা নিদিয়াৰ বাবে ভালদৰে চিকিৎসা কৰা নাছিল । কিন্তু পৰিয়ালৰ এই অভিযোগ নস্যাৎ কৰিছে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষকজনে । উচ্চ ৰক্তচাপত গুৰুতৰভাৱে আক্রান্ত হেম শইকীয়া নামৰ ৰোগীজনক মঙলবাৰে নিশা হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত পৰ্যাপ্ত চিকিৎসা দিয়া বুলি কয় অধীক্ষক নিখিল কাকতিয়ে । বিভাগীয় নিয়ম মতে পঞ্জীয়ন মাচুলৰ বাহিৰে চাহ খাবলৈ টকা বিচৰাটো গোকাট মিছা বুলিও কয় অধীক্ষকজনে ।

উল্লেখ্য, সময়ে সময়ে অসমৰ চৰকাৰী চিকিৎসালয়সমূহত নাৰ্ছ তথা চিকিৎসাকৰ্মীয়ে ৰোগীৰ অভিভাৱকৰ পৰা ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । কিছুদিন পূৰ্ব মঙলদৈ অসামৰিক চিকিৎসালয়তো সন্তান জন্মৰ পিছত পিতৃৰ পৰা চাহ খোৱাৰ নামত নাৰ্ছে ধনদাবী কৰাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী ব্যক্তিয়ে । আনকি ধন বিচৰাৰ এটা ভিডিঅ' বিভিন্ন মাধ্যমতো বিয়পি পৰিছিল । তেনে ক্ষেত্ৰত এনেবোৰ ঘটনাক ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উচিত তদন্তৰ দাবী জনাইছে সচেতন লোকসকলে ।

লগতে পঢ়ক :Assam Meghalaya Conflict : উত্তজনা অব্যাহত, অসম চৰকাৰৰ নৰম স্থিতিৰ বিপৰীতে সৰৱ মেঘালয়

Last Updated :Nov 23, 2022, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.