লখিমপুৰত আৰু এটা মহকুমা গঠনৰ দাবী নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিৰ

author img

By

Published : Oct 9, 2021, 7:40 PM IST

লখিমপুৰত আৰু এটা মহকুমা গঠনৰ দাবী নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিৰ

লখিমপুৰ জিলাখনৰ প্ৰায় 2 লাখ 10 হেজাৰ ভোটাৰ থকা 110 নং নাওবৈচা সমষ্টিক সামৰি এটা মহকুমাটো গঠনৰ দাবী জনাইছে নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিয়ে ৷

লখিমপুৰ, 9 অক্টোবৰ: চাৰিটা বিধানসভা সমষ্টিৰে গঠিত লখিমপুৰ জিলাত আৰু এটা মহকুমা গঠনৰ দাবী উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে, জিলাখনৰ প্ৰায় 2 লাখ 10 হেজাৰ ভোটাৰ থকা 110 নং নাওবৈচা সমষ্টিক সামৰি এটা মহকুমাটো গঠনৰ দাবী জনাইছে নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিয়ে ৷

শনিবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই দাবী উত্থাপন কৰিছে মহকুমা দাবী সমিতিয়ে ৷ একেদৰে মহকুমা গঠনৰ লগতে সমষ্টিটোৰ পথ, শিক্ষা, স্বাস্থ্য আদিৰ সামগ্ৰীক উন্নয়নৰ দিশসমূহ চোৱাচিতা কৰাৰ বাবে 14 টাকৈ দাবী উত্থাপন কৰে মহকুমা দাবী সমিতিয়ে ৷

লখিমপুৰত আৰু এটা মহকুমা গঠনৰ দাবী নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিৰ

ইপিনে মহকুমা দাবী সমিতিয়ে বিএড কলেজ, ছোৱালী মহাবিদ্যালয়, কৃষি আৰু পশুপালনৰ মহকুমা পৰ্যায়ৰ কাৰ্যালয় স্থাপনৰো দাবী উত্থাপন কৰা দেখা যায় ৷ সমষ্টিটোৰ অন্তর্ভুক্ত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদ কৰা, বিজ্ঞান সন্মত ভাৱে গড়াখহনীয়া ৰোধ কৰা, আদি বহু দাবী উত্থাপন কৰি শীৰ্ঘ্ৰে সমাধানৰ দাবী তোলে সংবাদ মেলখনত সংগঠনটোৰ নেতৃত্বই ।

উল্লেখযোগ্য যে, লখিমপুৰ আৰু ঢকুৱাখনা মহকুমাৰ পাছত জিলা খনত ২০১৫ চনত বিহপুৰীয়া সমষ্টিক সামৰি ঘোষণা কৰা হৈছিল এটা মহকুমা । পিছে বাস্তব ক্ষেত্ৰত আজিও মহকুমাটোৰ কাম কাজ আৰম্ভ নহ’ল, যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে মহকুমা দাবী সমিতিয়ে ৷

লগতে পঢ়কঃ তিতাবৰতো হ’ব নেকি উপ নিৰ্বাচন : বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কংগ্ৰেছী বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.