অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰিলে পৰিণাম হ’ব পাৰে ভয়ংকৰ !

author img

By

Published : Oct 17, 2021, 8:03 PM IST

Updated : Oct 17, 2021, 8:32 PM IST

অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰিলে পৰিমাণ হ’ব পাৰে ভয়ংকৰ !

আপুনি অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰোঁতে সাৱধান ৷ আপুনি সৰ্বস্বান্ত হ’ব পাৰে ৷ তেনে এক ঘটনাই সংঘটিত হৈছে নাৰায়ণপুৰৰ গোপাল ফুকন নামৰ এজন ব্যক্তিৰ সৈতে ৷

বিহপুৰীয়া,17 অক্টোবৰ : আপুনি অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰে নেকি ৷ যদি কৰে সাৱধান ৷ আপুনি সৰ্বস্বান্ত হ’ব পাৰে ৷ তেনে এক ঘটনাই সংঘটিত হৈছে নাৰায়ণপুৰৰ গোপাল ফুকন নামৰ এজন ব্যক্তিৰ সৈতে ৷

অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰিলে পৰিণাম হ’ব পাৰে ভয়ংকৰ !

উল্লেখযোগ্য যে, নাৰায়ণপুৰৰ গোপাল ফুকনে কামৰ সন্ধানত ভূটানলৈ গৈ উজনিমুৱা এক্সপ্ৰেছত ঘৰলৈ ওভতি আহিছিল ৰঙিয়াৰ পৰা হাৰমতী ৰেল ষ্টেচনলৈ ৷ সেই সময়তে এজন অচিনাকি লোকে গোলাপ ফুকনৰ সৈতে প্ৰথমতে আহি চিনাকি হয় আৰু তাৰ পাছত বিস্কুটৰ সৈতে নিচাজাতীয় দ্ৰব্য মিহলাই খাবলৈ দিয়ে গোলাপক ৷

গোলাপেও বন্ধুৱে দিয়া বুলি বিস্কুট খালে ৷ কিন্তু বন্ধুৰ পৰা বিস্কুট খাই গোলাপে তেতিয়াহে সকলো গম পালে যেতিয়া সজ্ঞা ঘূৰাই পালে ৷ দৰাচলতে কি হৈছিল গোলাপৰ লগত ৷ দুৰ্বৃত্তই বিস্কুট খুৱাই গোলাপৰ নগদ ধনৰ লগতে ম’বাইলফোনসহ লৈ যায় বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷

ইপিনে নিজৰ সকলো হেৰুৱাই অৱশেষত ঘৰ পাইগৈ গোলাপ ফুকন ৷ জানিলে নহয় সমগ্ৰ ঘটনাটো অচিনাকি মানুহৰ সৈতে বন্ধুত্ব কৰোতে এশ বাৰ ভাবিব ৷ অসীয়াত এষাৰ কথা আছে নহয় অচিন কাঠৰ থোৰা নলগাবা ৷

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত জাঁপ দি আপোনঘাটী হ’ল শিক্ষয়িত্ৰী

Last Updated :Oct 17, 2021, 8:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.