সোমদিৰী নদীত পলিথিনৰ ভিতৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

author img

By

Published : Oct 2, 2022, 4:04 PM IST

newborn-baby-body-recovered-in-lakhimpur

পূজাৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰত পোহৰলৈ আহিছে এক অমানৱীয় ঘটনা । লখিমপুৰ নগৰৰ মাজত সোমদিৰী নদীত পলিথিনৰ ভিতৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ (Newborn baby Body recovered in Lakhimpur) ৷

লখিমপুৰ, 2 অক্টোবৰ: অমানৱীয় ৷ জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতা ৷ ৰাজ্যত এতিয়া পূজাৰ বতৰ ৷ পূজাৰ আনন্দ উল্লাহৰ মাজতে লখিমপুৰত পোহৰলৈ আহিছে এক অমানৱীয় ঘটনা । লখিমপুৰ নগৰৰ মাজত সোমদিৰী নদীত পলিথিনৰ ভিতৰৰ পৰা উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ (Newborn baby Body recovered in Lakhimpur) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱা কেইজনমান কিশোৰে নদীত মাছ ধৰিব গৈছিল ৷ নদীত মাছ ধৰি থাকোতে হঠাৎ কিশোৰকেইজনে প্ৰত্যেক্ষ কৰে এটা বগা ৰঙৰ পলিথিন ৷ পিছত কিশোৰকেইজনে পলিথিনটো উঠাই আনে নদীৰ পাৰলৈ ৷ পিছত প্ৰথম অৱস্থাত কিশোৰকেইজনে পলিথিনটোত ছাগলী পোৱালিৰ মৃতদেহ থকা বুলি সন্দেহ কৰে ৷

পিছত কিশোৰকেইজনে এই কথা অৱগত কৰে স্থানীয় ৰাইজক ৷ স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ দেখে এয়া ছাগলীৰ মৃতদেহ নহয় বৰংস্ব এয়া আছিল এটি নৱজাতকৰ মৃতদেহহে (Body of Newborn baby found from River) ৷ তাৰ পিছতে হুৱা-দুৱা লাগে ৰাইজৰ মাজত ৷

স্থানীয় ৰাইজ ঘটনা সন্দৰ্ভত খবৰ দিয়ে লখিমপুৰ আৰক্ষীক (Police recovered dead body of newborn baby) ৷

লখিমপুৰ সোমদিৰী নদীত পলিথিনৰ ভিতৰৰ পৰা উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ঘটনাস্থলীত লখিমপুৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে দণ্ডাধীশ গৰাকীয়ে জনোৱা অনুসৰি নৱজাতকটি আছিল এটি কন্যা সন্তান ৷ লগতে দণ্ডাধীশ গৰাকীয়ে কয় যে তদন্তৰ পিছত হে পোহৰলৈ আহিব সকলো তথ্য (Newborn baby Body recovered in Lakhimpur) ৷

ইফালে স্থানীয় ৰাইজে কোনো লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ নৱজাতকটিক এনেদৰে পানীত উটুৱাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: নলবাৰীত খেতি পথাৰত উদ্ধাৰ সদ্যজাত শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.