লখিমপুৰত ৰন্ধন কৰ্মীৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 23, 2022, 4:13 PM IST

Lakhimpur

ৰাজ্যজুৰি মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মীসকলৰ অৱস্থান ধৰ্মঘট (Mid Day Meal worker protest)। ৮ মাহৰ পাৰিতোষিক মুকলি কৰি দিবলৈ দাবী চৰকাৰক । লখিমপুৰৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ ৰন্ধন কৰ্মীৰ ।

লখিমপুৰ,২৩ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজ্যৰ চাৰিওফালে চলিছে পূজাৰ প্ৰস্তুতি (Durga Puja preparation)। ইফালে আনন্দ উলাহেৰে পূজা উপভোগ কৰিবলৈ চৰকাৰেও কৰ্মচাৰীসকলক দৰমহা আগতীয়াকৈ দিয়াৰ ঘোষণা কৰিছে । কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই ৰাজ্যৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৰন্ধন কৰ্মীসকলক (Govt neglects Mid Day Meal workers)।

তেওঁলোকক মাহিলি পাৰিতোষিক পূজাৰ পূৰ্বে দিয়াতো দূৰৰে কথা এতিয়ালৈ ৮ মাহৰ পাৰিতোষিক আদায় দিয়াৰো নাম লোৱা নাই চৰকাৰে । যাৰ বাবে শুকুৰবাৰে ৰাজ্যজুৰি ৰন্ধন কৰ্মীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Mid Day Meal worker protest in Assam)।

লখিমপুৰত ৰন্ধন কৰ্মীৰ অৱস্থান ধৰ্মঘট

ৰাজ্যৰ বিভিন্ন জিলাত ৰন্ধন কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । সামান্য পাৰিতোষিক লৈ জীৱন যাত্ৰাত সমস্যাৰ সন্মুখীন হোৱা কৰ্মীসকলে দীর্ঘদিন ধৰি পাৰিতেষিক বৃদ্ধিৰ দাবী জনায় আহিছে যদিও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । যাৰ বাবে ১০০০ টকাৰে বিভাগীয় মন্ত্রীক বজাৰ কৰিবলৈ আহ্বান মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীসকলৰ ।

বাকী জিলাবোৰৰ দৰে লখিমপুৰতো খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৰন্ধন কৰ্মীসকলে (Mid Day Meal worker protest)। তেওঁলোকৰ মাহিলি এহেজাৰ টকাৰ পাৰিতোষিক পাবৰ বাবেও আন্দোলন কৰিব লগা হয় বুলি ক্ষোভ প্রকাশ কৰে কৰ্মীসকলে । পূজাৰ পূৰ্বে তেওঁলোকৰ বাকী থকা ৮ মাহৰ পাৰিতোষিক আদায় দিয়াৰ দাবী জনায় ৰন্ধন কৰ্মীসকলে ।

উল্লেখ্য যে অসমত ৰন্ধন কৰ্মীসকলৰ মাহিলি পাৰিতোষিক ১৫০০ টকাহে চৰকাৰে ধাৰ্য কৰিছে । পিছে চৰকাৰে সময়মতে সেই খিনি টকাও দিয়াত কৃপণালি কৰি আহিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তো সামান্য পাৰিতোষিকত কাম কৰা ৰন্ধন কৰ্মীসকলে সেয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই আহিছে । অতি শীঘ্ৰে চৰকাৰক তেওঁলোকৰ পাৰিতোষিক মুকলি কৰি দিবলৈ দাবী জনাইছে ৰন্ধন কৰ্মীসকলে । অন্যথা আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে কৰ্মীসকলে ।

লগতে পঢ়ক :জীৱন যুঁজৰ কৰুণ গাঁথা: সাত বছৰে দুৰ্বিসহ জীৱন কটাইছে জোনাইৰ এটা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.