নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Oct 18, 2021, 12:34 PM IST

Massive fire at Narayanpur

অৰূপ দত্ত নামৰ এগৰাকী লোকৰ বাসগৃহত দেওবাৰে সংঘটিত হয় এক অগ্নিকাণ্ড ৷ প্ৰায় লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় ৷

বিহপুৰীয়া, 18 অক্টোবৰ : নাৰায়ণপুৰ নগৰৰ তিনি নম্বৰ ৱাৰ্ডত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অঞ্চলটোৰ বাসিন্দা অৰূপ দত্ত নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডটো ৷ দত্তৰ মূল বাসগৃহটোৰ গাতে লাগি থকা অতিথিগৃহটো জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

মূহুৰ্ততে জুয়ে ছানি ধৰে মূল বাসগৃহটোৰ দ্বিতীয় মহলা ৷ অৱশ্যে নাৰায়ণপুৰৰ লগতে বিহপুৰীয়াৰ পৰা অহা তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে বহু সময়ৰ পাছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ শ্ব’ৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

অগ্নিকাণ্ডৰ ফলত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷

লগতে পঢ়ক : মাজুলীত কাতি বিহুক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.