মহাপুৰুষ দুজনাৰ মণিকাঞ্চন সংযোগৰ ৪৯৯ বছৰ সম্পূৰ্ণ

author img

By

Published : Oct 12, 2021, 5:33 PM IST

Manikanchan sanjog

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ ৪৯৯ বৰ্ষপূৰ্তি উপলক্ষে উলহ-মালহ পৰিৱেশ শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত । পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে পালন কৰা হয় এই বিশেষ দিনটো ।

বিহপুৰীয়া,১২ অক্টোবৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ ৪৯৯ বছৰ সম্পূৰ্ণ । যাৰ বাবে এই বিশেষ দিনটো বৰ্ণাঢ্য কাৰ্যসূচীৰে সংযোগস্থলী নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত উদযাপন কৰা হয় । পুৱাৰ ভাগত উষা কীৰ্তন, পতাকা উত্তোলন, গছপুলি ৰোপণৰ পাছতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় শ্ৰীশ্ৰী ধূৱাহাট বেলগুৰি সত্ৰত ।

মহাপুৰুষ দুজনাৰ মণিকাঞ্চন সংযোগৰ ৪৯৯ বছৰ সম্পূৰ্ণ

সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে সত্ৰৰ কীৰ্তন ঘৰত নাম-প্ৰসংগ আৰু পিছত সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । ইফালে আগন্তুক বছৰত ৫০০ বছৰীয়া জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৷

লগতে পঢ়ক : চিৰাঙৰ বাসুগাঁৱত দুৰ্গা পূজাৰ মহা সপ্তমী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.