নাৰায়ণপুৰত বে-দখলকাৰীৰ কৱলত শ শ বিঘা চৰকাৰী ভূমি

author img

By

Published : Sep 25, 2021, 5:57 PM IST

নাৰায়ণপুৰত বে-দখলকাৰীৰ কবলত শ শ বিঘা চৰকাৰী ভূমি

নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নাতিদূৰত থকা বৃহৎ পৰিমানৰ চৰকাৰী গ্ৰেজিং ভূমিত একাংশ ভূ-মাফিয়াই বে-দখল কাৰ্যত লিপ্ত কৰাইছে ভাৰাতীয়া লোকক ৷ পৌৰসভা এলেকাৰ মাজেৰে বৈ যোৱা মৰিডিক্ৰং নদীৰ পাৰত থকা শ শ বিঘা মাটি দখল কৰি পকী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছে বে-দখলকাৰীয়ে ।

বিহপুৰীয়া,25 ছেপ্তেম্বৰ: ৰাজ্যজুৰি চৰকাৰী ভূমি বে-দখলকাৰীৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসন কঠোৰ হৈ পৰাৰ সময়তে নাৰায়ণপুৰত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰশাসনৰ চকুৰ সন্মুখতে বে-দখলকাৰীৰ কবলত শ শ বিঘা চৰকাৰী ভূমি । নাৰায়ণপুৰ পৌৰসভাৰ ছয় নম্বৰ ৱাৰ্ডৰ কেইবা শ বিঘা চৰকাৰী গ্ৰেজিং মাটি বে-দখল কৰি সন্দেহজনক লোকে গাঁও পতাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখযোগ্য যে, নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নাতিদূৰত থকা বৃহৎ পৰিমানৰ চৰকাৰী গ্ৰেজিং ভূমিত একাংশ ভূ-মাফিয়াই বে-দখল কাৰ্যত লিপ্ত কৰাইছে ভাৰাতীয়া লোকক ৷ পৌৰসভা এলেকাৰ মাজেৰে বৈ যোৱা মৰিডিক্ৰং নদীৰ পাৰত থকা শ শ বিঘা মাটি দখল কৰি পকী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছে বে-দখলকাৰীয়ে ।

নাৰায়ণপুৰত বে-দখলকাৰীৰ কৱলত শ শ বিঘা চৰকাৰী ভূমি

ভূ-মাফিয়াই প্ৰত্যক্ষভাৱে বে-দখলত জড়িত নহৈ একাংশ সন্দেহজনক তথা ঘৰত বনকৰা লোকৰ দ্বাৰা বেদখল কৰোৱাই বসতি স্থাপন কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ এইক্ষেত্ৰত সম্পূৰ্ণ নীৰব লখিমপুৰ জিলা প্ৰশাসন । আনহাতে একাংশ ৰাজনৈতিক নেতাই নিজ স্বাৰ্থ পূৰণৰ বাবে বে-দখলকাৰীক উৎসাহ প্ৰদান কৰা আৰু চৰকাৰী ভাৱে অনাময় আঁচনি, পকী পথ পৰ্যন্ত নিৰ্মাণ কৰাই দিছে উক্ত অঞ্চলত ৷

লগতে পঢ়কঃ কিদৰে প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী কৰা হয় অসমীয়া কিশোৰী ?

ইতিপূৰ্ৱে চৰকাৰী গ্ৰেজিং মাটিত বহুকেইটা চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয় স্থাপন কৰা হ’ল ৷ ইয়াৰ পাছতো বাকী ৰোৱা মাটিত বছৰ বছৰ ধৰি অব্যাহত থকা বে-দখলত চৰকাৰী ভূমি সম্প্ৰতি নোহোৱা হৈ পৰিছে ৷ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ একাংশ বিষয়া-কৰ্মচাৰী এই ক্ষেত্ৰত বে-দখলকাৰীক সহায় কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

ৰাজ্য চৰকাৰে মাটিৰ দালালি কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰাৰ সময়তে নাৰায়ণপুৰ পৌৰসভাৰ মাজ মজিয়াত এইসকল ভূ-মাফিয়াৰ বিৰুদ্ধে লোৱা নাই কোনো প্ৰদক্ষেপ ৷ চৰকাৰৰ দালাল বিৰোধী স্থিতিক সমৰ্থন কৰি এই সকল বে-দখলকাৰীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিদেশৰ বজাৰ দখলৰ লক্ষ্য বৰপেটাৰ এদল থলুৱা উদ্যোগী আৰু কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.