দলঙৰ ওপৰত প্ৰকাণ্ড গাঁত: বিপদসংকুল যাতায়ত নাৰায়ণপুৰবাসীৰ

author img

By

Published : Sep 26, 2022, 2:20 PM IST

Huge pit on top of bridge in Bihpuria

নাৰায়ণপুৰৰ পৰা শিমলুগুৰিলৈ যোৱা গুৰুত্বপূৰ্ণ পথচোৱাৰ নিমুৰীস্থিত দলংখনৰ ওপৰত সৃষ্টি হৈছে এটা প্ৰকাণ্ড গাঁতৰ (Poor bridge in Bihpuria)৷ সেই দলঙৰেই মৰণক শৰণ দি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে । এই দলংখনৰ ওপৰেদি দৈনিক স্কুলৰ শ শ ছাত্ৰ-ছাত্ৰী, বয়োজেষ্ঠ লোক তথা স্থানীয় লোকে যাতায়ত কৰে ৷ কিন্তু দলংখনৰ ওপৰত থকা প্ৰকাণ্ড গাঁতৰ ফলত যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷

বিহপুৰীয়া, 26 ছেপ্টেম্বৰ: আন্তঃগাঁথনি উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ভিন্ন আঁচনি গ্ৰহণ কৰিছে ৷ কিন্তু আন্তঃগাঁথনি উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ সদ ব্যৱহাৰৰ হৈছে নে ? কিয়নো উন্নয়নৰ নামত আৱণ্টিত পুঁজিৰ অপব্যৱহাৰৰ এক জলন্ত উদাহৰণ হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন জৰাজীৰ্ণ দলং (Poor bridge in Bihpuria) ।

নাৰায়ণপুৰৰ পৰা শিমলুগুৰিলৈ যোৱা গুৰুত্বপূৰ্ণ পথচোৱাৰ নিমুৰীস্থিত দলংখনৰ ওপৰত সৃষ্টি হৈছে এটা প্ৰকাণ্ড গাঁতৰ (Huge pit on top of bridge in Bihpuria) ৷ সেই দলঙৰেই মৰণক শৰণ দি বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে । এই দলংখনৰ ওপৰেদি দৈনিক স্কুলৰ শ শ ছাত্ৰ-ছাত্ৰী, বয়োজেষ্ঠ লোক তথা স্থানীয় লোকে যাতায়ত কৰে ৷ কিন্তু দলংখনৰ ওপৰত থকা প্ৰকাণ্ড গাঁতৰ ফলত যিকোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৷

দলঙৰ ওপৰত প্ৰকাণ্ড গাঁত: বিপদসংকুল যাতায়ত নাৰায়ণপুৰৰবাসীৰ

উল্লেখ্য যে, প্ৰায় পাঁচ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন ৷ কিন্তু পাচঁ বছৰ সম্পূৰ্ণ নহওতেই দলংখনৰ মাজ ভাগত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় । যাৰ বাবে পথচাৰীৰ লগতে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ বিভিন্ন সময়ত এই স্থানত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ আনহাতে বিভিন্ন সময়ত দলংখন নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক দাবী জনোৱাৰ পিছতো কোনো কাণসাৰ নাই স্থানীয় প্ৰতিনিধি কিম্বা আন জনপ্ৰতিনিধিৰ ৷

উপায়ন্তৰ হৈ এতিয়া ৰাইজে দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ সাংকেতিক চিহ্ন হিচাপে প্ৰায় ১২ ফুট দ' গাতটোত বাঁহ গছৰ ডাল দিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজে চৰকাৰক শীঘ্ৰেই এই দলংখন মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: বাক্সাৰ জালাহত পথৰ মাজত পুখুৰী, খবৰ ল’বলৈ বিধায়কৰ নাই আহৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.