HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ; প্ৰসন্ন দাস নামৰ আন এগৰাকী শিক্ষকক আটক

author img

By

Published : Mar 17, 2023, 3:56 PM IST

HSLC exam paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা পলাতক শিক্ষক কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ বৃহস্পতিবাৰে আটক হোৱা লখিমপুৰৰ আন এগৰাকী শিক্ষক প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে প্ৰসন্ন দাস নামৰ আৰু এগৰাকী শিক্ষকক (HSLC question paper leak) ৷

লখিমপুৰ, 17 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাই কঁপাইছে ৰাজ্য ৷ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা মাষ্টাৰমাইণ্ড শিক্ষক কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ বৃহস্পতিবাৰৰ পৰা পলাতক অৱস্থাত আছিল কুমুদ ৰাজখোৱা ৷ শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে কুমুদ ৰাজখোৱাই ৷

ইফালে, এই ঘটনাৰে সন্দেহত লখিমপুৰত পুনৰ আন এগৰাকী শিক্ষকক আটক ৷ আটকাধীন শিক্ষকজন ডফলা কটা জনজাতি হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰসন্ন দাস ৷ সম্প্ৰতি প্ৰসন্ন দাসক লখিমপুৰ সদৰ থানাত জেৰা চলাই থকা হৈছে (HLSC paper leak update) ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে লখিমপুৰৰ এই ঘটনাৰে জড়িত থকা প্ৰণৱ দত্ত নামৰ শিক্ষকগৰাকীক আটক কৰিছিল আৰক্ষীয়ে ৷ প্ৰণৱ দত্ত আছিল লখিমপুৰৰ লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৷ আৰক্ষীৰ জেৰাত প্ৰণৱ দত্তই প্ৰশ্নকাকত ফাদিল কৰাৰ কথা স্বীকাৰ কৰাৰ পাচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হয় অসমীয়া বিষয়ৰ পৰীক্ষা ৷ এই ঘটনাত ডফলা কটা জনজাতি হাইস্কুলৰ বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা জড়িত থকাৰ কথা স্বীকাৰ কৰে প্ৰণৱ দত্তই (Assam HLSC paper leak) ৷

ইফালে, সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কৰাৰ লগতে অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো ফাদিল কৰা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সনা প্ৰণৱ দত্তই ৷ ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটোক লৈ পোহাৰ মেলা কলংকিত শিক্ষক প্ৰণৱ দত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত প্ৰসন্ন দাসক শুকুৰবাৰে পুৱা আটক কৰে আৰক্ষীয়ে (Investigation of HSLC paper leak) ৷

আটকাধীন আটাইকেইগৰাকী শিক্ষককে পুৱাৰে পৰা লখিমপুৰ সদৰ থানাত মাৰাথন জেৰা চলাই আছে CIDয়ে ৷ লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ দত্তক বৃহস্পতিবাৰে জেৰা চলাইছিল গুৱাহাটীৰ পৰা যোৱা এটা পাঁচ জনীয়া CIDৰ দলে ৷ জেৰাৰ অন্তত আটাইকেইগৰাকী শিক্ষককে আজি গুৱাহাটীলৈ লৈ অনাৰ সম্ভাৱনা আছে ৷

ইফালে, এই সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP on HSLC paper leak) ৷ প্ৰশ্নকাকত ফাদিল কৰাৰ সৈতে বিজ্ঞান শিক্ষক কুমুদ ৰাজখোৱা প্ৰত্যক্ষভাৱে জড়িত থকা বুলি সদৰী কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ টেলিকম কম্পেনীৰ পৰা শিক্ষকগৰাকীৰ ম’বাইল ফোনৰ সকলো তথ্য পৰীক্ষা কৰাৰ পাচতেই এই কথা পোহৰলৈ আহে বুলিও সদৰী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ আত্মসমৰ্পণ কৰা শিক্ষক কুমুদ ৰাজখোৱাক জেৰাৰ পাচত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত লখিমপুৰৰ দুই শিক্ষকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.