দুই অক্টোবৰত লখিমপুৰ জিলা গঠনৰ সোণালী জয়ন্তী

author img

By

Published : Sep 26, 2022, 3:54 PM IST

Golden Jubilee of  Lakhimpur district

বিহু, পূজা আদি কোনো উৎসৱৰ বাবে নহয়, পাঁচ দিন পাছতে আৱতৰীয়া উৎসৱ অনুষ্ঠিত হ'ব লখিমপুৰ জিলাত (Golden Jubilee of Lakhimpur district)। দুই অক্টোবৰত লখিমপুৰ জিলা গঠনৰ সোণালী জয়ন্তী মহোৎসৱ অনুষ্ঠিত হ'ব । সিদিনা সমগ্র জিলাতে বিৰাজ কৰিব উৎসৱ মুখৰ পৰিবেশে ।

লখিমপুৰ,২৬ ছেপ্টেম্বৰ: অহা দুই অক্টোবৰত লখিমপুৰ জিলা গঠনৰ সোণালী জয়ন্তী (Golden Jubilee of formation of Lakhimpur district) মহোৎসৱ অনুষ্ঠিত হ'ব । ১৯৭২ চনৰ দুই অক্টোবৰত ডিব্ৰুগড়ৰ পৰা ফালি গঠন কৰা লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে । এই সোণালী জয়ন্তীৰ দিনটো জিলাখনৰ প্ৰতি ঘৰতে উৎসৱৰ লেখীয়াকৈ পালন কৰিবলৈ আহ্বান জনাইছে লখিমপুৰ জিলা প্ৰশাসনে (Lakhimpur district of Assam)।

সোমবাৰে জিলা উপায়ুক্ত সুমিত সাত্তাৱানে (DC of Lakhimpur) উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাবাসীলৈ এই আহ্বান জনাইছে । প্ৰশাসনৰ উদ্যোগত নগৰৰ ত্যাগ ক্ষেত্রত দুই অক্টোবৰত দিনজোৰা কাৰ্য্যসূচীৰে এই দিৱসৰ আয়োজন কৰা বুলি উপায়ুক্ত ই সদৰি কৰিছে । এই উপলক্ষে বিভিন্ন ক্ষেত্রৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাসকলক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে সাংস্কৃতিকসহ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ৷

দুই অক্টোবৰত লখিমপুৰ জিলা গঠনৰ সোণালী জয়ন্তী

উপায়ুক্ত সুমিত সাত্তাৱানে পুনৰ কয় যে এই দিৱসৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে (Formation day of Lakhimpur district)। ইপিনে,সাংস্কৃতিক অনুষ্ঠানত শিল্পী মৌচম গগৈয়েও অংশগ্রহণ কৰিব । উপায়ুক্তই জিলাখনৰ সোণালী জয়ন্তী দিৱসত জিলাবাসীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ উপৰি গৰ্বেৰে এজন লখিমপুৰীয়া হিচাপে ঘৰে ঘৰে উৎসৱৰ লেখীয়াকৈ দিৱসটো পালন কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক:মুখ্যমন্ত্রীক প্ৰশংসা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰিতুৰাজ সিনহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.