কাতি বিহুৰ দিনাই নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Oct 18, 2021, 10:10 PM IST

devastating fire  at Narayanpur

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত কাতি বিহুৰ দিনাই সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ আশংকা কৰা হৈছে ।

বিহপুৰীয়া, 18 অক্টোবৰ : কাতি বিহুৰ দিনাই নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তত অঘটন । শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰ চাৰিআলিত সংঘটিত এই অগ্নিকাণ্ড ৷ ৰামপুৰ চাৰিআলিৰ বিতু দুৱৰাৰ বাসগৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ নিমিষতে জুইয়ে চানি ধৰা বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায় । অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সা-সম্পতি জাহ যোৱাৰ আশংকা কৰা হৈছে ।

অৱশ্যে, এই মুহূৰ্তলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । একাংশই দাবী কৰা মতে, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে এই ঘটনা ৷ আন একাংশই আকৌ বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । স্বাভাৱিকতেই এতিয়া এই অগ্নিকাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.