বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অসাৰ প্ৰতিপন্ন মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

author img

By

Published : Sep 15, 2021, 9:01 PM IST

corruption in Bihpuria Revenue Circle office

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নিৰ্দেশক অসাৰ প্ৰতিপন্ন কৰিলে লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ৷ এখন স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অথবা আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি কাৰ্যালয়টোলৈ ৫-৬ দিনকৈ অহা-যোৱা কৰিব লাগে সাধাৰণ জনতাই ।

বিহপুৰীয়া, 15 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি-অনিয়মৰ লগতে দালালৰাজ বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিছে ৷ কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে যিমানে কঠোৰ নিৰ্দেশনা নিদিয়ক কিয়, সেই সকলোবোৰ কাৰ্যত ফুটুকাৰ ফেন ৷ ৰাজ্যৰ একাংশ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজিও অব্যাহত আছে পূৰ্বৰ দৰে সাধাৰণ জনতাক হাৰাশাস্তি কৰা নীতি ৷

বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অসাৰ প্ৰতিপন্ন মুখ্যমন্ত্ৰীৰ ঘোষণা

মফচলীয়া কিছুমান চক্ৰ বিষয়াৰ কাৰ্যালয়ত আপোনাৰ যাৱতীয় কাম কাজখিনি একেদিনাই সম্পন্ন কৰিব নোৱাৰে ৷ কাম-কাজখিনি সম্পন্ন কৰিবলৈ কাৰ্যালয়টোলৈ আপুনি সপ্তাহ জুৰি অহা যোৱা কৰিব লাগিব ৷ এই সকলোবোৰ কথা স্পষ্ট কৰি দিছে লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক: নিমাতীঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা : নিমাতীঘাটত সলনি হ’ব পূৰ্বৰ ৰূপ

কাৰ্যালয়টোত যেন অসাৰ প্ৰতিপন্ন হৈছে ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা । অভিযোগ অনুসৰি, এখন স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ অথবা আয়ৰ প্ৰমাণ পত্ৰ বিচাৰি কাৰ্যালয়টোলৈ ৫-৬ দিনকৈ অহা-যোৱা কৰিব লাগে সাধাৰণ জনতাই । তাৰ পিছতো কাম সম্পন্ন নহয়, খালি হাতেৰে উভতি যাব লগা হয় দূৰ-দূৰণিৰ পৰা বাটকুৰি বাই অহা লোকসকল ৷

এগৰাকী ভুক্তভোগী লোকে সাংবাদিকৰ আগত সদৰী কৰা মতে, তেওঁ এখন আয়ৰ প্ৰমাণ পত্ৰৰ বাবে এসপ্তাহ ধৰি কাৰ্যালয়টোলে অহা-যোৱা কৰি আছে ৷ কিন্তু আয়ৰ প্ৰমাণ পত্ৰ আজি পৰ্যন্ত লাভ কৰা নাই লোকজনে ৷ ইফালে, আয়ৰ প্ৰমাণ পত্ৰ নোহোৱাৰ বাবে কলেজত তেওঁৰ সন্তানৰ নাম ভৰ্তি কৰাবৰ বাবে ব্যাপক সমস্যাই দেখা দিছে বুলি কয় ভুক্তভোগী লোকজনে ৷

এই লোকজনৰ দৰে আন কেইবাগৰাকীৰ লোকৰ একেই ধৰণৰ অভিযোগ ৷ সকলোৰে অভিযোগ, কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে কোনো কামৰ বাবে এজন সাধাৰণ লোকক আজি আহিব, কালি আহিব বুলি দিন পিছুৱাই গৈ থাকে ৷ যাৰ ফলত সময় অপচয় তথা অন্যান্য বিভিন্ন কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লোক সকল ৷

লগতে পঢ়ক: আন্তৰ্জাতিক গণতন্ত্ৰ দিৱস : দেশৰ একনায়কত্বৰ বিৰুদ্ধে যুঁজ দিয়া গণতান্ত্ৰিক নেতাসকল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.