লখিমপুৰত বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ

author img

By

Published : Oct 1, 2021, 7:35 PM IST

protest

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে । ইয়াৰ মাজতে লখিমপুৰত এটা সংগঠনে বিধায়কগৰাকীক আক্ৰমণৰ হুংকাৰ দিয়ে । আঁঠু কাঢ়ি অসমবাসীক ক্ষমা বিচাৰিবলৈও দাবী তোলে সংগঠনটোৱে ।

লখিমপুৰ,১ অক্টোবৰ : অসম আন্দোলনৰ শ্বহীদক লৈ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে কৰা বিতৰ্কিত মন্তব্যই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে বিধায়কগৰাকীৰ মন্তব্যক সমালোচনা কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে । শুকুৰবাৰে লখিমপুৰ নগৰত শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই (AYM) ।

protest
লখিমপুৰত বিধায়ক শ্বেৰমান আলীৰ পুত্তলিকা দাহ

শ্বহীদক অপমান কৰা বিধায়কগৰাকীক বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়ে সংগঠনটোৱে । সংগঠনটোৱে দাবী কৰা মতে বিধায়কগৰাকীয়ে আঁঠু কাঢ়ি অসমবাসীক ক্ষমা বিচাৰিব লাগিব । শ্বেৰমান আলী আহমেদে ক্ষমা নিবিচাৰিলে শাৰীৰিকভাৱে অপদস্থ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে । ইফালে অসমীয়া যুৱকক হেংদাং আৰু বন্দুক তুলি ল'বলৈ বাধ্য নকৰিবলৈও সকীয়াই দিয়ে অসমীয়া যুৱ মঞ্চই ।

আনহাতে বিধায়ক শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বিধায়কজনক নিৰ্দেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

জানিব পৰা মতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিধায়কগৰাকীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে । অৱশ্যে ইয়াৰ পাছতে বিতৰ্কিত মন্তব্য কৰা বিধায়কগৰাকীয়ে কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া সময়তহে লক্ষণীয় হ'ব । কেৱল এয়াই প্ৰথম নহয় বিধায়ক শ্বেৰমান আলীয়ে ইয়াৰ পূৰ্বেও বহু বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছিল ।

লগতে পঢ়ক:শ্বেৰমান আলি বিজেপিৰ এজেন্ট : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.