পুনৰ সুদিন ঘূৰি আহিছে অপেচাদাৰী নাট্য জগতলৈ

author img

By

Published : Oct 5, 2021, 7:00 PM IST

Amateur drama

পুনৰ যেন ঘূৰি আহিছে স্বাভাৱিক দিন ৷ ইয়াৰ লগে লগে প্ৰাণ পাই উঠিছে ৰংগমঞ্চসমূহো ৷ ক'ভিড পৰিস্থিতিৰ বাবে দীৰ্ঘকাল নাট্যমঞ্চসমূহ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিছতে এমেচাৰ নাট্যমঞ্চ সমূহতো ঘূৰি আহিছে নাটক মঞ্চস্থ কৰাৰ পৰিবেশ ।

বিহপুৰীয়া, 5 অক্টোবৰ: সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিড পৰিস্থিতি সুস্থিৰ হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শিঠিল কৰিছে ক’ভিড বিধি ৷ ইয়াৰ পিছতেই আগন্তুক নাট্য বৰ্ষৰ বাবে সাজু হৈ পৰিছে ৰাজ্যৰ ভাম্যমাণ উদ্যোগটো ৷ ভ্ৰাম্যমাণ উদ্যোগৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ অপেচাদাৰী নাট্যগোষ্ঠী সমূহো ৷

প্ৰায় দুটা বছৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আঁতৰত থাকি এতিয়া পুনৰ মঞ্চলৈ ঘূৰি আহিছে এইসকল সাংস্কৃতিক কৰ্মী ৷ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত অপেচাদাৰী নাট্যগোষ্ঠীসমূহৰ কোনোটো নাট্যগোষ্ঠীয়ে যদি নাটকৰ আখৰা আৰম্ভ কৰিছে, কোনোটো স্থানত পৰিবেশিত হৈছে মঞ্চনাট । ভ্ৰাম্যমান উদ্যোগৰ থিয়েটাৰ গোষ্ঠী সমূহে নিজৰ নিজৰ নাট্যসম্ভাৰ লৈ ওলাই অহাৰ পূৰ্বতেই যেন অপেচাদাৰী গোষ্ঠীৰ দ্বাৰা এখন বাস্তৱ আখৰাহে চলিছে ৷

পুনৰ সুদিন ঘূৰি আহিছে অপেচাদাৰী নাট্য জগতলৈ

শেহতীয়াকৈ লখিমপুৰ বৰবালিৰ এটা অন্যতম নাট্যগোষ্ঠী বংশীবদন নাট্য সমাজে সোমবাৰে সন্ধিয়া পৰিবেশন কৰে উদীয়মান নাট্যকাৰ ভাস্কৰ শৰ্মাৰ দ্বাৰা ৰচিত আৰু বিশিষ্ট নাট্য পৰিচালক তথা নাট্যকাৰ হৰেণ শইকীয়াৰ পৰিচালিত নাটক 'তাজমহল' ।

ক'ডিড পৰিস্থিতিৰ বাবেই ভ্ৰাম্যমান এৰি অহা বিশিষ্ট অভিনেতা দুলাল শৰ্মাকো এইবাৰ দেখা গ’ল এমেচাৰৰ নাট্যমঞ্চত ।

ক'ভিড পৰিস্থিতিয়ে সমাজৰ প্ৰতিটো স্তৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনকো কৰি পেলাইছিল কোঙা ৷ অৱশ্যে লাহে লাহে পৰিস্থিতি সুস্থিৰ হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ পৰিৱেশ ঘূৰি অহাটোকে কামনা কৰিছে সকলোৱে ৷ সকলোৰে আশা, আকৌ ঘূৰি আহিব পূৰ্বৰ সেই দিন । প্ৰাণ পাই উঠিব পেচাদাৰী-অপেচাদাৰী সকলো নাট্যমঞ্চ ৷

লগতে পঢ়ক: হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.