বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদত উত্তাল লখিমপুৰ

author img

By

Published : Sep 26, 2022, 7:43 PM IST

AJyP protest at Lakhimpur

পৰিৱেশবিদ তথা বিভিন্ন দল-সংগঠনৰ বিৰোধিতা সত্ত্বেও চলি আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম (lower Subansiri hydropower project) । ইয়াৰ বিৰুদ্ধে সোমবাৰে বিয়লি নগৰখনৰ আদালত ভৱনৰ সন্মুখত বিধায়ক ভুবন পেগু, মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙৰ পুত্তলিকা দাহ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে ।

লখিমপুৰ, ২৬ ছেপ্টেম্বৰ: কেইদিনমানৰ পৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কেতবোৰ অঘটনে বাতৰিৰ শিৰোনাম দখল কৰি আছে । এনে সময়তে প্ৰকল্পটো বন্ধ ৰ দাবীত তীব্র প্রতিবাদে কঁপাই তোলে লখিমপুৰ নগৰ । উক্ত প্ৰকল্পটোৰ শেহতীয়া ভয়াৱহ দৃশ্যপট সৃষ্টি হোৱাৰ সময়তে বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদত সোমবাৰে পুনৰ উত্তাল হ'ল লখিমপুৰ ।

গেৰুকামুখৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱা কেইদিনমানৰ পৰা ভয়াৱহ ৰূপত অথন্তৰ ঘটিছে । ভয়ংকৰ ৰূপত প্ৰকল্পৰ জলৰাশি বাগৰি অহাৰ উপৰি গাৰ্ড ৱাল খহা, টানেল খহি পৰা, ভিউ পইন্টলৈ যোৱা পথ খহি পৰা আদি সঘনেই ঘটিবলৈ ধৰিছে । পূৰ্বতে কেৱল নিৰ্মাণৰ প্ৰসংগত বিতর্কৰ আৱৰ্তত সোমাই থকা প্ৰকল্পটো এতিয়া ভয়াৱহ ভবিষ্যতৰ আগজাননী দিয়াৰ বাবে চৰ্চা হৈছে ।

সোমবাৰে বিয়লি নগৰখনৰ আদালত ভৱনৰ সন্মুখত বিধায়ক ভুবন পেগু, মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (AJyP protest at Lakhimpur) লখিমপুৰ আঞ্চলিক সমিতিয়ে । বিজেপি বিৰোধী শ্ল'গান দি বৃহৎ নদীবান্ধ বন্ধ কৰিবই লাগিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদত উত্তাল লখিমপুৰ

প্ৰতিবাদকাৰীসকলে বিধায়ক ভুবন পেগুৰ কাম নাই, ভুবন পেগু লেই লেই চেই চেই, এনএইচ পিচি গ' বেক,বিজেপি হুচিয়াৰ, বৃহৎ নদীবান্ধ বন্ধ কৰক, ৰণোজ পেগু হায় হায়, বৃহৎ নদীবান্ধ বন্ধ হ’বই লাগিব আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰে ।

বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন কৰি মন্ত্রী বিধায়ক হোৱা ডাঃ ৰণোজ পেগু আৰু ভুবন পেগুৰ লগতে কেন্দ্রীয় শক্তি মন্ত্রী আৰ কে সিঙকো কঠোৰ সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদী কাৰ্যসূচীত মনোজ কলিতা, মোবিন আহমেদ আদি পৰিষদৰ নেতৃত্বই অংশগ্রহণ কৰে ।

উল্লেখ্য় যে, নিৰ্মাণৰ সময়ৰে পৰাই বিভিন্ন দুৰ্যোগ সংঘটিত হৈ আহিছে নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পস্থলীত । এইবাৰ পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত (landslide at Subansiri hydropower project site) । প্ৰকল্পস্থলীৰ বাঁও পাৰত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা । উক্ত ভূমিস্খলনৰ পিছত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশ খহি পৰে । উল্লেখ্য যে,যোৱা ১৬ ছেপ্টেম্বৰত ২ নং টানেলৰ ওপৰৰ বৃহৎ অংশটো ভাঙি পৰাৰ পিছত ২৪ ছেপ্টেম্বৰতো পুনৰ উক্ত স্থানতে পাহাৰ খহি পৰে ।

লগতে পঢ়ক:Mising film le ne miksi: ধেমাজিত মিচিং ছবি লে:নৗ মিকচিৰ প্ৰথম প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.