এক লাখৰো অধিক লোকক লৈ NHPC অৱৰোধ কৰিব AJYCP য়ে

author img

By

Published : Sep 22, 2021, 4:47 PM IST

এক লাখৰো অধিক লোকক লৈ NHPC অৱৰোধ কৰিব AJYCP য়ে

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান NHPC ৰ বিৰুদ্ধে কৰা অহিংস গণতান্ত্ৰিক আন্দোলনক চৰকাৰে আজ্ঞাবাহী অসম পুলিচৰ দ্বাৰা বল প্ৰয়োগ কৰি নিৰ্যাতন চলাই মষিমূৰ কৰা কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিয়ে ৷ লগতে অনাগত দিনত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লখিমপুৰ, ২২ ছেপ্তেম্বৰ : এক লাখৰো অধিক লোকৰ সহযোগত অচিৰেই NHPC ঘেৰাও কৰা হ’ব বুলি চৰকাৰক সকিয়নী দিছে অসম জাতীয় তাবাদী যুৱ ছাত্ৰ পৰিষদে । বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদ মেলত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, কেন্দ্ৰীয় উপদেষ্টা পুলক বৰা, ৰঞ্জিত চাংমাই, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সৌৰভ দাস আৰু ধেমাজি লখিমপুৰ জিলাৰ সভাপতি সাধাৰণ সম্পাদক উপস্থিত থাকে ৷

এক লাখৰো অধিক লোকক লৈ NHPC অৱৰোধ কৰিব AJYCP য়ে

সংবাদ মেল সম্বোধন কৰি পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদক দ্বয়ে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী প্ৰতিষ্ঠান NHPC ৰ বিৰুদ্ধে কৰা অহিংস গণতান্ত্ৰিক আন্দোলনক চৰকাৰে আজ্ঞাবাহী অসম পুলিচৰ দ্বাৰা বল প্ৰয়োগ কৰি নিৰ্যাতন চলাই মষিমূৰ কৰা কাৰ্যক তীব্ৰ ভাৱে গৰিহণা দিয়ে ৷

লগতে পঢ়কঃ25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

একেদৰে ক’ভিড প্ৰটকল দোহাই দি যি খন চৰকাৰে ৰাইজৰ অহিংস গণতান্ত্ৰিক আন্দোলনক প্ৰতিহত কৰে সেই একেখন চৰকাৰে হাজাৰ হাজাৰ মানুহ গোট খোৱাই বিভিন্ন সভা সমাবেশ আয়োজন কৰাৰ লগতে শেহতীয়াভাৱে নৰেন্দ্ৰ মোডীৰ 20 দিনীয়া আড়ম্বৰ পূৰ্ণ জন্ম দিন পাতে বুলি কোৱাৰ লগতে চৰকাৰৰ এনে বৈষম্যমূলক নীতি অতি লজ্জাজনক বুলি অভিহিত কৰে ৷

সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি, সাধাৰণ সম্পাদকে কয় যে, চৰকাৰে যিমানেই শক্তি প্ৰয়োগ কৰি পৰিষদৰ NHPC ৰ বিৰুদ্ধে কৰা আন্দোলন প্ৰতিহত কৰাৰ প্ৰয়াস নকৰক কিয় যুৱ-ছাত্ৰ পৰিষদে NHPC ৰ বিৰুদ্ধে কৰা আন্দোলনৰ পৰা পিছ হুহুকি নাযায় ৷ যুৱ-ছাত্ৰ পৰিষদে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা নামনিৰ 965 খন গাঁৱৰ ৰাইজ মাজলৈ নদীবান্ধ বিৰোধী আন্দোলন খনি লৈ যাব ৷

965 গাঁৱৰ ৰাইজৰ সতে মতবিনিময় কৰি সংশ্লিষ্ট গাঁও সমূহৰ ৰাইজক লৈ " নদী বান্ধ বিৰোধী সংগ্ৰাম সমিতি " গঠন কৰা হ’ব ৷ পৰৱৰ্তী সময়ত ক’ভিডৰ SOP শেষ হলে 1 লাখ মানুহক লৈ NHPC অৱৰোধ কাৰ্যসূচী হাতত লোৱা হ’ব বুলি কয় জাতীয় পৰিষদৰ নেতৃত্বই ৷

লগতে পঢ়কঃ খড়্গৰ লগতে দাহ হ’ল ড্ৰোণ;খোদ মুখ্যমন্ত্ৰীয়ে কৰিছিল ড্ৰোণ নিয়ন্ত্ৰণ

আনহাতে পৰিষদৰ নেতাদ্বয়ে কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰ খনে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ত অদ্যপি মৌনতা অৱলম্বন কৰিছে ৷ এয়া অত্যন্ত দুৰ্ভাগ্যজনক ৷

উত্তৰ অসমৰ বিশেষকৈ ধেমাজী, লখিমপুৰ আৰু মাজুলী জিলাৰ নদীপৰীয়া ৰাইজৰ প্ৰতি যদি চৰকাৰ খনৰ তিলমানো দায়বদ্ধতা আছে তেনেহলে ধেমাজিত অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ আগন্তুক কেবিনেট বৈঠকত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়টো আলোচনা কৰিব লাগে বুলি নেতাদ্বয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

ইফালে যোৱা মঙলবাৰে চৰকাৰে গোগামুখত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে NHPC ৰ বিৰুদ্ধে গ্ৰহণ কৰা সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাই, বল প্ৰয়োগ কৰি বন্ধ কৰি দিয়া আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত যুৱ-ছাত্ৰ পৰিষদে অহা কালিলৈ অৰ্থাৎ 23 ছেপ্তেম্বৰ 2021ত ৰাজ্যজুৰি মহকুমা আৰু জিলাৰ সদৰত ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অনতিবিলম্বে পুনৰ কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব আৰু অচিৰেই এই সন্দৰ্ভত অৱগত কৰা হ’ব বুলি সংবাদ মেলত উল্লেখ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই ৷

লগতে পঢ়কঃ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ দিশে লোক নিৰ্মাণ বিভাগৰ তিনি বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.