লখিমপুৰবিহপুৰীয়া 24 মে স্বস্তিৰ নিশ্বাস এৰিছে লখিমপুৰবাসীয়ে ৷ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণনকল টকাৰ বেপাৰীৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ 24 ঘন্টা নৌহওঁতেই জিলাখনৰ বঙালমৰাত অপৰাধী চক্ৰই তন্দ্ৰা হেৰুৱাইছে । যাৰ পৰিণতিত মঙলবাৰে আত্মসমৰ্পণ কৰে এটাৰ পাচত এটাকৈ কেইবাটাও নকল সোণনকল টকাৰ বেপাৰীয়ে Accused Abu Shaheed surrendered at Bongalmora police out post ৷মঙলবাৰে বিয়লি লখিমপুৰৰ বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে নকল সোণৰ বেহাৰ লগত জড়িত আবু শ্বহিদ ওৰফে লম্বু শ্বহিদে । আবু শ্বহিদে আত্মসমৰ্পণ কৰাৰ প্ৰায় এঘণ্টাৰ পিচতে মিজানুৰ ওৰফে মিজু জাকিৰ চাহাব উদ্দিন ছাইদুল ইছলাম নামৰ আন চাৰি অভিযুক্তই আত্মসমৰ্পণ কৰে বঙালমৰা আৰক্ষী চকীত ।উল্লেখ্য যে নকল সোণ জাল নোটৰ অভিকেন্দ্ৰলৈ পৰ্যবসিত হৈ পৰা লখিমপুৰৰ বঙালমৰাত দীর্ঘদিন ধৰি চলি আছিল অপৰাধৰ এখন কলা সাম্ৰাজ্য ৷ শেহতীয়াকৈ SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই পোহৰলৈ আনে এই কলা সাম্ৰাজ্যৰ কথা । লখিমপুৰত চলি থকা বিভিন্ন অপৰাধ আৰু এই কলা সাম্ৰাজ্য উৎখাত কৰিবলৈ ৰাজ্য চৰকাৰে শেহতীয়াকৈ দায়িত্ব অৰ্পণ কৰিছে আৰক্ষী বিষয়া আনন্দ মিশ্ৰক Lakhimpur SP Anand Mishra৷বেদান্ত মাধৱ ৰাজখোৱাৰ সলনি জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰক নিয়োগ কৰাৰ পিচতে দেওবাৰে বিয়লি প্ৰায় 8 বজাত লখিমপুৰৰ নতুন আৰক্ষী অধীক্ষক ৰূপে উপস্থিত হয় আনন্দ মিশ্ৰ ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈয়েই অপৰাধ জগত আৰু অপৰাধীক সতৰ্কবাণী শুনাই আৰক্ষী বিষয়াগৰাকীয়ে ৷ আনকি উক্ত দিনা নিশাৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।এই অভিযানৰ সময়ত নকল সোণৰ লগত জড়িত কেইবাটাও অভিযুক্ত আটক কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা দলটোৱে ৷ ইয়াৰ পাচতে মঙলবাৰে সন্ধিয়া বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে নকল সোণ আৰু জাল নোট ব্যৱসায়ৰ মাষ্টাৰ মাইণ্ড আবু শ্বহিদ ওৰফে লম্বু শ্বহিদেAccused Abu Shaheed surrendered at Bongalmora । গাঁওৰক্ষী বাহিনীৰ সহযোগত বিয়লি 530 বজাত আত্মসমৰ্পণ কৰে লম্বু শ্বহিদে ৷উল্লেখ্য যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনৰ দায়িত্ব গ্ৰহণ কৰাৰ তিনিটা দিনৰ ভিতৰতে বৰ্তমানলৈকে নকল সোণ জাল নোটৰ বেহাৰ সৈতে জড়িত 22 জন অভিযুক্তক আটক কৰা হৈছে ৷ আনকি জিলাখনক অপকর্ম তথা অপৰাধী চক্ৰৰ কৱলৰ পৰা মুক্ত কৰা হব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিছে ।লগতে পঢ়ক New recruitments in Assam অহা জুলাই মাহত প্ৰকাশ পাব ২২৭৬৫ টা পদৰ বাবে বিজ্ঞাপন