লখিমপুৰত আছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Sep 25, 2021, 12:54 PM IST

AASU PROTEST AT LAKHIMPUR

লখিমপুৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ । লখিমপুৰ নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে । যান-জঁটৰ সমস্যা দূৰ কৰা, নলা-নৰ্দমা নিষ্কাশনৰ দাবী জনায় সংগঠনটোৱে ।

লখিমপুৰ, ২৫ ছেপ্টেম্বৰ : লখিমপুৰ নগৰৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰৰ ত্যাগক্ষেত্ৰত ছাত্ৰ সন্থাই তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ।

লখিমপুৰ নগৰৰ মাজেৰে বৈ যোৱা সোমদিৰি-গৰীয়াজানৰ দুয়োকাষৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰা লোকসকলক শীঘ্ৰে উচ্ছেদ কৰাৰ দাবী জনায় সংগঠনটোৱে । এই বিষয়ে প্ৰশাসনক অৱগত কৰেৱাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ।

লগতে লখিমপুৰ নগৰৰ ব্যাপক যান-জঁটৰ সমস্যা দূৰ কৰা, নলা-নৰ্দমাবোৰৰ নিষ্কাশন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । জনসাধাৰণৰ হিতৰ বাবে সু-পৰিকল্পিতভাৱে নগৰ উন্নয়নৰ ১০০ কোটি টকীয়া পেকেজৰ সদব্যৱহাৰ আৰু নিৰ্মীয়মান লখিমপুৰ বাইপাছ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

উল্লেখিত দাবীসমূহ মানি নল'লে আন্দোলন তীব্রতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই । লখিমপুৰ নগৰৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈও উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে চৰকাৰক আহ্বান জনায় ।

লগতে পঢ়ক: পেঙেৰীত 200 কাৰ্টন অৰুণাচলী সুৰা জব্দ, আটক 5

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.