5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 19, 2022, 5:00 PM IST

TOP 10 AT 5PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

অসমত পাঞ্জাৱৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ

অসমত পাঞ্জাৱৰ ট্ৰাকচালকক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ৷ হোজাইত পঞ্জাৱৰ ট্ৰাক চালকক হত্যাৰ চেষ্টা (Attempted to murder of Punjab truck driver in Hojai) ৷ যশপাল সিং নামৰ এগৰাকী ট্ৰাকচালকক হত্যাৰ চেষ্টা ৷

আঠখেলীয়া নামঘৰত ওলমিল তলা

গোলাঘাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উত্তেজনা (Tense situation at Athkheliya Namghar)৷ ধৰ্মীয়স্থানৰ মূল প্ৰৱেশ পথতে ওলমিল তলা ৷ যাৰ ফলত দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘাতৰ সূত্ৰপাত ৷ আনকি আঠখেলীয়া নামঘৰত আৰক্ষীৰ লগতে বহু অৰ্থসামৰিক বাহিনীৰ লোককো মোতায়ন কৰিব লগা পৰিস্থিতি আহি পাৰে ৷

লিডু কয়লা খনিত তিনি শ্ৰমিকৰ মৃত্যু

লিডু কয়লা খনিত অঘটন ৷ ডিভিড নাগাৰ কয়লা খনিত গেছ লিক হোৱাৰ ফলতে 3 শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Laborers die at Lidu coal mine) ৷ মৃত শ্ৰমিককেইজন ছহিদুল ইছলাম, হুছেইন আলী আৰু আছমত আলী ৷

অৰুণাচলৰ ডিবাং ভেলীত তিনিটা নতুন সীমান্তচকী স্থাপনৰ সিদ্ধান্ত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্ত তালাচীচকী (BOP to be set up in Arunachal border) স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল প্ৰদেশ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লখিমপুৰত খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল সোৱণশিৰি

খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam)। একেদৰে লখিমপুৰত সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে এটা মথাউৰি(Erosion in Subansiri River)। অস্তিত্ব বিপন্ন হোৱা মথাউৰিটো ছিগিব লাগিলে ত্ৰিশখনৰো অধিক গাঁও নদীৰ কবলত পৰিব । সেয়েহে খহনীয় প্ৰতিৰোধৰ দাবীত নৈপৰীয়া ৰাইজৰ প্ৰতিবাদত উত্তাল লখিমপুৰৰ সোৱণশিৰি নদীৰ পাৰ ।

১৯৭১ৰ গণহত্যাক আন্তৰাষ্ট্ৰীয় স্বীকৃতিৰ আহ্বান বাংলাদেশৰ

বাংলাদেশৰ মুক্তি যুদ্ধ পৰিক্ৰমা মন্ত্ৰী এ কে এম মোজামেল হকে দেওবাৰে মুক্তি যুদ্ধৰ মনোভাবত বিশ্বাস কৰা সকলোকে ১৯৭১ চনত নিৰস্ত্ৰ বঙালীৰ বিৰুদ্ধে সংঘটিত গণহত্যাৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ বাবে একত্ৰিত হ'বলৈ আহ্বান জনায় (genocide of Bangalees in 1971 Liberation War) ।

অসম চিকিৎসা মহাবিদ্যালয়ত প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন সোণোৱালৰ

বছৰজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে উদযাপন কৰিছে মহাৰজত জয়ন্তী (AMCH platinum Jubilee)। সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে নিৰ্মিত platinum Jubilee parkৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

গ্ৰাহককৰ পৰা অন্যায়ভাৱে লোৱা বিদ্যুতৰ মাচুল ঘূৰাই দিয়াৰ দাবী আপৰ

এ পি ডি চি এলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই (AAP Assam Joint Coordinator Jitul Deka) ৷ সোমবাৰে আপৰ গণেশগুৰিত থকা মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ, অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই কয় যে অত্যাধিক বিদ্যুত মাছুল আদায় কৰা সন্দৰ্ভত এ পি ডি চি এল আৰু মুখ্যমন্ত্ৰীৰ ভাষ্য পৃথক (AAP reaction to APDCL electricity tariff hike) ।

প্ৰধানমন্ত্ৰীৰ অভিধানত অসম্ভৱ শব্দ নাই : ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উদযাপনৰ (celebration of Birthday of Modi in Agartala) বাবে আগৰতলাৰ মুক্তিধাৰা প্ৰেক্ষাগৃহগৃহত আয়োজিত এক বৌদ্ধিক সন্মিলনত ভাষণ দি উপ-মুখ্যমন্ত্ৰী দেৱ বৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য শক্তি হৈছে এক ইতিবাচক দৃষ্টিভংগী যাক আপোনালোকে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ মাজত নাপাব (strength PM Narendra Modi positive outlook) ।

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত সোণাৰিত উত্তাল প্ৰতিবাদ টাইপাৰ

জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ উত্তাল প্ৰতিবাদ(protest programme by TAYPA) ৷ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.