কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত আন্তঃগাঁথনিৰ দুৰ্বলতাই সৃষ্টি কৰিছে অসুবিধা

author img

By

Published : Sep 23, 2022, 9:35 PM IST

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত আন্তঃগাঁথনিৰ দুৰ্বলতাই সৃষ্টি কৰিছে অসুবিধা

কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ(Kokrajhar Science College) সফলতা ৷ দুটাকৈ শিক্ষাবৰ্ষত ১৩ গৰাকী ফিজিঅ’থেৰাপি চিকিৎসকৰ স্বীকৃতি ৷ চিকিৎসক সকলক বিটিআৰৰ বিভিন্ন চিকিৎসালয়ত সংস্থাপন কৰাৰ দাবী মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ আৰ এন সিনহাৰ । ফিজিঅ’ থেৰাপি বিভাগৰ আন্তঃগাঁথনি উন্নয়ণৰ দিশত গুৰুত্ব দিবলৈ বিটিআৰ কৰ্তৃপক্ষক আহ্বান ৷

কোকৰাঝাৰ, ২৩ ছেপ্টেম্বৰ: কোকৰাঝাৰ চহৰস্থিত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ(Kokrajhar Science College) ফিজিঅ’থেৰাপি পাঠ্যক্ৰমে যিদৰে সফলতা অৰ্জন কৰিব লাগিছিল সেয়া দুৰ্বল আন্তঃগাথনিৰ বাবে সম্ভৱ হৈ উঠা নাই ৷ এই আক্ষেপ প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ আৰ এন সিনহাই (Principal of Kokrajhar science college)।

শুকুৰবাৰে বিয়লি এক সংবাদ মেল সম্বোধন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সিনহাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত একমাত্ৰ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়তে ফিজিঅ’থেৰাপি পাঠ্যক্ৰম আছে (Physiotherapy course in Kokrajhar science college) ৷ ২০১৭ চনৰ পৰা উক্ত পাঠ্যক্ৰমত শিক্ষা প্ৰদান কৰি অহা হৈছে । ইতিমধ্যে মহাবিদ্যালয়খনৰ পৰা বিগত দুটাকৈ শিক্ষাবৰ্ষত ১৩ গৰাকীকৈ ফিজিঅ’থেৰাপিষ্টে ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ গৈছে ৷ এয়া নিশ্চিতভাবে বিটিআৰৰ বাবে এক সফলতাৰ যাত্ৰা বুলি অভিহিত কৰে ডাঃ আৰ এন সিনহাই ।

মহাবিদ্যালয়খনৰ ফিজিঅ’থেৰাপি বিভাগৰ পৰা উত্তীৰ্ণ চিকিৎসকসকলক বিটিআৰৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহত সংস্থাপন প্ৰদানৰ বাবেও আহ্বান জনাইছে ৷ অৱশ্যে এইক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ(BTR chief Pramod Boro) তৰফৰ পৰা সেউজ সংকেত লাভ কৰা বুলিও অধ্যক্ষগৰাকীয়ে সদৰী কৰে ৷ কিন্তু দূৰ্ভাগ্যজনক দিশটো হৈছে মহাবিদ্যালয়খনৰ ফিজিঅ’ থেৰাপি বিভাগটোৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল ।

অধ্যক্ষগৰাকীয়ে(Principal Dr R N Sinha) লগতে কয় যে, ফিজিঅ’থেৰাপি বিভাগৰ সৈতে সাঙোৰ খাই থকা বিভিন্ন বিষয়ত শিক্ষাপ্ৰদান কৰিবলৈ চাৰিটা শ্ৰেণী কোঠা আৰু চাৰিটা ব্যৱহাৰিক পৰীক্ষাগাৰৰ প্ৰয়োজন আছে যদিও সেয়া নথকাৰ বাবে মহাবিদ্যালয়খনে আগ্ৰহী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰিব পৰা নাই । যাৰ বাবে শিক্ষাৰ্থীয়ে পৰ্যাপ্ত পৰিমাণৰ শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ।

মহাবিদ্যালয়খনৰ পৰা যোগ্য ফিজিঅ’থেৰাপিষ্ট গঢ়ি তুলিবলৈ যি আন্তঃগাঁথনিৰ প্ৰয়োজন তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ বিটিআৰ চৰকাৰক আহ্বান জনাইছে মহাবিদ্যালয় কৰ্তৃপক্ষই । সংবাদমেলখনত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ, সহ বিভাগীয় অধ্যাপিকাসকলো উপস্থিত থাকে ।

লগতে পঢ়ক: বৰপেটাত চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.